কম্বল বিক্ৰেতাৰ বেশত প্ৰবঞ্চক
কম্বল বিক্ৰেতাৰ বেশত প্ৰবঞ্চক  
অসম

কম্বল বিক্ৰেতাৰ বেশত প্ৰবঞ্চক : ঋণ দিয়াৰ নামত শ্ৰমিকৰ পৰা ধন সংগ্ৰহ

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ বিভিন্ন গ্ৰামাঞ্চল আৰু বাগিচা অঞ্চলৰ সহজ-সৰল লোক এতিয়া লক্ষ্য হৈ পৰিছে কেতবোৰ প্ৰবঞ্চকৰ ৷ মঙ্গলবাৰে সহজতে ঋণ দিয়াৰ নামত বাগিচাৰ শ্ৰমিকৰ পৰা টকা সংগ্ৰহ কৰা অবস্থাতে ৰাইজে আবদ্ধ কৰিলে এনে এজন প্ৰবঞ্চকক ৷

খুমটাইৰ তেলিশাল বাগিচাত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা অনুসৰি, প্ৰবঞ্চকজন প্ৰথমে কম্বল বিক্ৰী কৰি বাগিচাৰ লোকসকলৰ সৈতে চিনাকি হয় ৷ তাৰ পিছত ঋণ দিয়াৰ আভুৱা ভাৰি টকা সংগ্ৰহ আৰম্ভ কৰে ৷

মধ্যপ্ৰদেশৰ প্ৰবীণ চাৰণ নামৰ এই লোকজনে নিজাববীয়াকৈ তেলিশাল বাগিচাৰ শ্ৰমিকসকলক ২০হাজাৰ টকাকৈ লোণ দিয়াৰ নামত সংগ্ৰহ কৰিছিল ১৫০০ কৈ টকা ৷ ইতিমধ্যে কেইবাজনো ব্যক্তিৰ পৰা লোণৰ নামত সংগ্ৰহ কৰিছিল টকাখিনি ৷

টকা সংগ্ৰহ কৰি থকা অৱস্থাতে বাগিচাৰ সচেতনৰ লোকৰ সন্দেহ ওপজাত আৰক্ষীৰ লগত যোগাযোগ কৰে ৷ তাৰপিছতেই বাগিচাৰ লোকসকলে প্ৰবঞ্চকজনক আবদ্ধ কৰি ৰাখে ৷

এনেকৈয়ে লোণ দিয়াৰ নামত বহু ঠাইত প্ৰবঞ্চকটোৱে সংগ্ৰহ কৰিছে টকা ৷ প্ৰবঞ্চকটোক আবদ্ধ কৰাৰ পিছত লোকে লোকাৰণ্য হৈ পৰে তেলিশাল ৷ শেষত গোলাঘাট আৰক্ষী উপস্থিত হৈ প্ৰবঞ্চকটোক আটক কৰে ৷