নকল সোণৰ বিনিময়ত বেংকৰ পৰা ঋণ ল'বলৈ আহি গ্ৰেপ্তাৰ প্ৰবঞ্চক...
নকল সোণৰ বিনিময়ত বেংকৰ পৰা ঋণ ল'বলৈ আহি গ্ৰেপ্তাৰ প্ৰবঞ্চক... 
অসম

নকল সোণৰ বিনিময়ত বেংকৰ পৰা ঋণ ল'বলৈ আহি গ্ৰেপ্তাৰ প্ৰবঞ্চক...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: চিৰাং জিলাৰ বিজনী চহৰত বুধবাৰে বেংকত নকল সোণৰ বিনিময়ত গ'ল্ড লোণ ল'বলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় এজন প্ৰবঞ্চক যুৱক । ধৃত প্ৰবঞ্চক যুৱকজনক ধেমাজীৰ মনোজিৎ কৰ্মকাৰ (২৬) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ।

বিজনী চহৰৰ মাজ মজিয়াত অবস্থিত এক্সিচ বেংকৰ বিজনী শাখাত নকল সোণৰ গহনা বন্ধকত থৈ গ'ল্ড লোণ ল'বলৈ আহিছিল মনোজিৎ কৰ্মকাৰ নামৰ প্ৰবঞ্চক জনে। কিন্তু সোণৰ গহণাখিনি দেখি বেংক কৰ্তৃপক্ষ সন্দেহ উপজাত বিজনী আৰক্ষী থানাত খবৰ দিয়ে ।

বিজনী থানাৰ আৰক্ষীয়ে প্ৰবঞ্চক যুৱক জনক হাতে-লোটে আটক কৰে । ধৃত প্ৰবঞ্চক যুৱকজনৰ পৰা আৰক্ষীয়ে ৫ ডাল নকল সোণৰ চেইন, কানফুলি ৩ জোৰ, নেকলেছ এডাল, লকেট ২ টা, আঙঠি এটাসহ ১৪০ গ্ৰাম নকল সোণৰ গহনা জব্দ কৰিছে।

আৰক্ষীয়ে প্ৰবঞ্চক মনোজিৎ কৰ্মকাৰৰ লগত এছ ০৭ কে ৮৭১৪ পঞ্জীয়ন নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনত অহা আন দুজন লোকক আটক কৰিবলৈ সক্ষম নহয়।দুয়োজনে বাহনখনলৈ পলায়ন কৰে বিজনী থানাৰ আৰক্ষীয়ে জব্দকৃত নকল সোণৰ গহনাসহ ধৃত মনোজিৎক বিজনী থানালৈ আনি সোধপোছ অব্যাহত ৰাখিছে ।