অসম

ডি ফাৰ্ম পাঠ্যক্ৰমত জালিয়াতি ! গোৱালপাৰাৰ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি…

asomiyapratidin

ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰা চহৰৰ হেদায়েৎপুৰত নৱ প্ৰতিস্থিত 'চেণ্ট্ৰেল কলেজ অফ ফাৰ্মাছি' নামৰ শিক্ষানুষ্ঠানখনে ডি ফাৰ্মৰ ষাঠিজন ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনক লৈ চৰম হেতালি খেলিছে। শিক্ষানুষ্ঠানখনে বিভাগীয় কৰ্তৃপক্ষৰ কোনো অনুমতি নোলোৱাকৈয়ে জালিয়াতিৰ আশ্ৰয় লৈ ডি ফাৰ্ম বিষয়ত ২০২১-২২ শিক্ষা বৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি কৰি আজিলৈকে পাঠদান অনুষ্ঠিত নকৰাত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই অনাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহতে শিক্ষানুষ্ঠাখনে বিভাগীয় কৰ্তৃপক্ষৰ যাৱতীয় অনুমোদন পোৱা বুলি জাহিৰ কৰি মুঠ ৬০ জন ছাত্ৰ-ছাত্ৰীক ডি ফাৰ্ম পাঠ্যক্ৰমত প্ৰ-পত্ৰ পূৰণ কৰি নাম ভৰ্তি কৰে। ডি ফাৰ্মৰ এই দুবছৰীয়া পাঠ্যক্ৰমৰ বাবে মুঠ ২ লাখ ৭০ হেজাৰ টকা পেকেজৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ১০ হেজাৰ পৰা ১ লাখ টকা লৈকে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা প্লেন পেপাৰৰ ৰছিদ যোগে সংগ্ৰহও কৰে কৰ্তৃপক্ষই। কিন্তু শিক্ষানুষ্ঠানখনে মাহৰ পিচত মাহ উকলি যোৱাৰ পিচতো আজিলৈকে ডি ফাৰ্মৰ পাঠদান আৰম্ভ কৰা নাই।

এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কৰ্তৃপক্ষক জবাবদিহি কৰিও কোনো ফল পোৱা নাই। ফলত ৬০ জনকৈ ডি ফাৰ্মৰ ছাত্ৰ-ছাত্ৰী চৰম দু:চিন্তাত ভূগি আছে। দুঃচিন্তাত ভূগি থকা একাংশ ছাত্ৰই বুধবাৰে শিক্ষানুষ্ঠানৰ চৌহদত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত শিক্ষানুষ্ঠানখনৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি ইয়াৰ এক উচিত তদন্ত ক্ৰমে বিহিত ব্যৱস্থা হাতত ল'বলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ওচৰত দাবী জানাইছে।

ইপিনে আব্দুল হাই নামৰ এগৰাকী অভিভাৱকে অভিযোগ উত্থাপন কৰা মতে,চেণ্ট্ৰেল কলেজৰ অফ ফাৰ্মাছিয়ে জালিয়াতিৰ আশ্ৰয় লৈ ডি ফাৰ্ম পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলৰ নাম ভৰ্তি কৰিছে।দৰাচলতে শিক্ষানুষ্ঠানখনে ডি বা বি ফাৰ্ম পাঠ্যক্ৰমৰ বাবে আজিলৈকে কোনো অনুমতি লাভ কৰা নাই। অইন শিক্ষানুষ্ঠানৰ যাৱতীয় নথি- পত্ৰৰ আৰ্হিত জালি নথি-পত্ৰ প্ৰস্তুত কৰি শিক্ষানুষ্ঠানে অনুমোদন লাভ কৰা বুলি অভিভাৱকক দেখুৱাই ছাত্ৰ-ছাত্ৰীসকলৰ নাম ভৰ্তি কৰিছে শিক্ষানুষ্ঠানত।

তেওঁ আৰু অভিযোগ কৰা মতে, জে আৰু জে এডুকেশ্বনেল ট্ৰাষ্টৰ স্বাত্বাধিকাৰ তথা কয়লা ব্যৱসায়ী জাভেদ ইছলামে যোৱা বৰ্ষত চেণ্ট্ৰেল কলেজ অফ ফাৰ্মাছিৰ বাবে এন অ' চিকে ধৰি যাৱতীয় অনুমতিৰ বাবে ডাইৰেক্টৰ অব মেডিকেল এডুকেচনক আবেদন কৰে।আবেদনৰ ভিত্তিত বিগত বৰ্ষৰ সাত ছেপ্টেম্বৰত ডাইৰেক্টৰ অব মেডিকেল এডুকেচনে উল্লেখিত শিক্ষানুষ্ঠানৰ ইন্সপেকচন কৰাৰ বাবে এখন তিনিজনীয়া কমিটি গঠন কৰি নটিফিকেচন জাৰি কৰে।

কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে, শিক্ষানুষ্ঠানে সদৰি কৰা তথ্য মতে,সাত চেপ্টেম্বৰত ইন্সপেকচনৰ বাবে নটিফিকেচন জাৰি কৰাৰ দিনাই তিনিজনীয়া কমিটিখনে গুৱাহাটীৰ পৰা ডেৰশ কিলোমিটাৰ অতিক্ৰম কৰি গোৱালপাৰাত উপস্থিত হৈ চেণ্ট্ৰেল কলেজৰ অফ ফাৰ্মাছিৰ ইন্সপেকচন কৰি ডাইৰেক্টৰ অব মেডিকেল এডুকেচনক সেইদিনাই ৰিপ'ৰ্ট দাখিল কৰে।নটিফিকেচন জাৰি কৰাৰ দিনাখনেই তিনিজনীয়া কমিটিয়ে গোৱালপাৰালৈ আহি ইন্সপেকচন কৰি ৰিপ'ৰ্ট দাখিল কৰা সমগ্ৰ প্ৰক্ৰিয়াটো দেখা দেখকৈ সন্দেজনক বিষয়।

দৰাচলতে চেণ্ট্ৰেল কলেজৰ অফ ফাৰ্মাছিয়ে অইন শিক্ষানুষ্ঠানৰ নথি-পত্ৰৰ আৰ্হিত জালিয়াতি কৰি বিভাগীয় কৰ্তৃপক্ষৰ যাবতীয় নথি-পত্ৰ প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকক দেখুৱাই ছাত্ৰ-ছাত্ৰীসকলক ডি ফাৰ্ম পাঠ্যক্ৰমত নামভৰ্তি কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতকলৈ হেতালি খেলিছে বুলি অভিভাৱক গৰাকীয়ে অভিযোগ কৰিছে সংবাদ মাধ্যমক। ইপিনে শিক্ষানুষ্ঠানৰ চৰম হেতালিৰ বাবে শিক্ষানুষ্ঠানৰ ডি ফাৰ্ম পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে এটাকৈ গুৰুত্বপূৰ্ণ শিক্ষা বৰ্ষ হেৰুৱাব লগা হোৱাত মানসিকভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে।