অসম

তামুলপুৰত ফুড কোৰ্টৰ আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰৰ নাগ্ৰিজুলীৰ বৰনদীৰ পাৰত অৱস্থিত হাইলেণ্ডত বিটিচিৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত জনজাতীয় এম্পৰিয়াম কাম ফুড কোৰ্টৰ আধাৰশিলা স্থাপন । শনিবাৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে এক মাংগলিক পৰিৱেশত স্থাপন কৰে আধাৰশিলা ।

দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই বিশেষ জনজাতি বাণিজ্যিক তথা খাদ্য সম্ভাৰৰ কেন্দ্ৰটোত অত্যাধুনিক সা-সুবিধা উপলব্ধ হোৱাকৈ আত্ম সহায়ক গোটে নিৰ্মাণ কৰা সামগ্ৰীৰ লগতে থলুৱা খাদ্য সম্ভাৰ উপলব্ধ হব এই কেন্দ্ৰত। অনাগত দিনত নাগ্ৰিজুলীৰ হাইলেণ্ডৰ এই কেন্দ্ৰটোৱে পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ ন ৰূপ পাবলৈ গৈ আছে বুলি উল্লেখ BTR কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণন দাসে কয় যে কেৱল এয়াই নহয় হাইলেণ্ডেত অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ হ'ব ক্ৰকডেল পার্ক ।

আজিৰ অনুষ্ঠানত অংশগ্ৰহন কৰে ক্ৰমে স্থানীয় বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ডঃ ধৰ্ম নাৰায়ণ দাস, ৰনেন্দ্ৰ নাৰ্জাৰী, এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী , হেমন্ত কুমাৰ ৰাভা, প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰ বালা বিশ্বাস, চম্পা ডেকা, জনজাতি কল্যাণ বিভাগ কোকৰাঝাৰৰ যুটীয়া সচিব তথা সঞ্চালক ও চি এইচ ডি অনিত্য কুমাৰ ব্ৰহ্ম আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।