অসম

সোণাৰিত ৫টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত অভয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৫টাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। সোণাৰিত বৃহস্পতিবাৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই ৫টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি বিধায়কগৰাকীয়ে কয় যে, বৰ্তমান চৰকাৰে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰকেই আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি আটকধুনীয়াকৈ সজাই তুলিবলৈ ব্যৱস্থা হাতত লৈছে। কাৰণ এই কেন্দ্ৰসমূহৰ আন্তঃগাঁঠনি সুন্দৰ হ'লেহে শিশুসকল ইয়াৰ প্ৰতি আকৰ্ষিত হ'ব।

বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত চৰকাৰী আঁচনিৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয়- 'জনসাধাৰণ সজাগ আৰু সচেতন হৈ আগবাঢ়ি আহিলেহে আঁচনিৰ সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব।'

সভাত উপস্থিত থাকি সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া প্ৰগতি ওঝায়ো বক্তব্য ৰাখে। তেওঁ কয়- 'আমাৰ শিশুসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ অংগনবাড়ী কেন্দ্ৰসমূহৰ উন্নীতকৰণ কৰি আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব লাগিব।' তদুপৰি তেওঁ বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা বিশ্ব স্তনপান সপ্তাহ-২০২৩ সন্দৰ্ভতো উপস্থিত অভিভাৱকসকলক অৱগত কৰে।

আধাৰশিলা স্থাপন কৰা কেন্দ্ৰকেইটা হ'ল ক্ৰমে ৰঙাপথাৰ নং-৪, চাফ্ৰাই বাগিছা নং-২, মহন গাওঁ নং ১, বৰাহী গ্ৰাণ্ট ওড়িয়া লাইন আৰু ন কছাৰী অংগনবাড়ী কেন্দ্ৰ। এই আটাইকেইটা কেন্দ্ৰ অহা ৩মাহৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ আজিৰ সভাতেই বিধায়কগৰাকীয়ে সংশ্লিষ্ট সকলোকে আহ্বান জনায়।

সভাত পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা, মুখ্য সেৱিকাবৃন্দ ক্ৰমে শশী ডেকা, জাগৃতি বৰুৱা, অনামিকা গগৈ, চান্দমণি বৰ্মনৰ লগতে কনিষ্ঠ সহায়ক সুজিত তাপাদাৰ, সমাজকৰ্মীবৃন্দ ক্ৰমে নিতুমণি গগৈ, টুনীৰাম দাস, দেৱজিৎ হাজাৰিকা, অৰ্জুন চেত্ৰী, বিজয় গগৈ, সুশীলা গোৱালা প্ৰমুখ্যে ভালেসংখ্যক স্থানীয় ৰাইজ আৰু অংগনবাড়ী কৰ্মী-সহায়িকাসকল উপস্থিত থাকে।