অসম

সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি ৰঞ্জিৎ বৰগয়াৰীৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সদস্য, কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি তথা কোকৰাঝাৰ জিলা বড়ো সমাজৰ প্ৰাক্তন সভাপতি ৰঞ্জিৎ বৰগয়াৰীৰ আজি বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ । তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই অসংখ্য গুণমুগ্ধই তেওঁৰ বাসভৱনত ভিৰ কৰে আৰু মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মৃত্যুৰ পূৰ্বে তিনি সন্তান , এজনী জীয়ৰী আৰু অজস্ৰ গুণমুগ্ধক ইহজগতত এৰি থৈ যায় ।

উল্লেখ্য যে ১৯৪০ চনৰ ৩১ অক্টোবৰত তিতাগুৰীত জন্মগ্ৰহণ কৰা ৰঞ্জিৎ বৰগয়াৰী ১৯৬৭ -৬৮ চনত এবছুৰ প্ৰতিষ্ঠাপক সদস্য আছিল । ১৯৬১ চনত তেওঁ মেট্ৰিক উত্তীৰ্ণ হৈছিল ১৯৬৯ চনত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত সহ: শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। ১৯৬৭চনৰ পৰা ১৯৮৯ চনলৈ তেওঁ বড়ো সাহিত্য সভাৰ সম্পাদক আৰু সভাপতি পদত অধিষ্ঠিত হৈছিল। ১৯৬৮ চনত পিটিচিএৰ দ্বাৰা নিৰ্বাচন বৰ্জন কৰা বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল । ১৯৭২ চনত তেওঁ তিতাগুৰী সমবায় সমিতি স্থাপন কৰিছিল । ১৯৭৪ চনৰ ৰোমান লিপি আন্দোলনত তেওঁ পাঁচমাহ গোৱালপাৰা জেলত কাৰাৰুদ্ধ হৈ আছিল। ১৯৮৬ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা সুব্ৰতকাপ ফুটবলৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰা দলৰ দলপতি আছিল ।

১৯৯৫ চনত কোকৰাঝাৰ বড়ো সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । ২০০৫ চনৰ পৰা ২০১৬ চনলৈ সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোকৰাঝাৰ কেম্পাচ বৰ্তমানৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য আছিল।

সমাজ সচেতক , শুভচিন্তক তথা অভিভাৱকস্বৰূপ ৰঞ্জিত বৰগয়াৰীদেৱৰ মৃত্যু সমাজৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰি বিধায়ক লৰেন্স ইছলাৰীয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । তেওঁৰ মৃত্যুত এবছু , বড়ো সাহিত্য সভা , সদৌ অসম ট্ৰাইবেল সংঘ , বড়ো সমাজ আদিকে ধৰি বিভিন্ন দল -সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।