অসম

‘গাধৰ দৰে কাম কৰিছে APCC য়ে’- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই দলতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ আজি দিনৰ ভাগত প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক বহিষ্কাৰ কৰাৰ কথা সদৰী কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক উভতি ধৰিছে জ্যেষ্ঠ নেতা নীলমণি সেন ডেকাই। প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক 'পাগল হোৱা' বুলিও মন্তব্য কৰিছে।

তেওঁ কয়, মই বিভিন্ন সময়ত দলৰ নেতৃত্বৰ বিৰুদ্ধে এতিয়ালৈকে যিবোৰ অভিযোগ উত্থাপন কৰিছো, একেদৰে দলৰ আন জ্যেষ্ঠ নেতাইও এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু প্ৰদেশ কংগ্ৰেছে মোক পোনচাতেই বহিষ্কাৰৰ সিদ্ধান্ত লোৱাৰ মূল কাৰণ মোৰ হাতত এনেকুৱা অভিযোগৰ তথ্য আছে যিবোৰে ধুমুহাৰ সৃষ্টি কৰিব পাৰে।

সেয়েহে ততাতৈয়াকৈ মোক বহিষ্কাৰৰ সিদ্ধান্ত লৈ এই সকল নেতাই গাধৰ দৰে কাম কৰিছে। ভাৰতৰ সংবিধান বা আমাৰ দলৰ সংবিধান ক'তোৱেই কোনো অভিযুক্তক কৈফিয়ৎ তলৱ আৰু কৈফিয়ৎত সন্তুষ্ট নহ'লে নিলম্বন নকৰাকৈ বহিষ্কাৰ কৰাৰ বা চূড়ান্ত শাস্তি প্ৰদানৰ ব্যৱস্থা নাই।

অথচ পোনচাতেই মোক দল বিৰোধী কাৰ্যকলাপত লিপ্ত বুলি কৈ বহিষ্কাৰৰ ঘোষণা কৰা হৈছে। মই প্ৰত্যাহ্বান জনাইছো, সাহস আছে যদি মই কি দল বিৰোধী কাৰ্য কৰিছো সেইয়া ৰাজহুৱা কৰক। মোৰ হাতত এতিয়াও বহু অভিযোগ তথ্য সহকাৰে মজুত আছে। কোনে কোনে পইছা খাইছে, কোনে পইছা খাই লৈ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিও ঘূৰাই দিয়া নাই সেই সকলোবোৰ ৰেকৰ্ড মোৰ হাতত আছে। প্ৰয়োজন হ'লে এইবোৰো ৰাজহুৱা কৰিম।

ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নীলমণি সেন ডেকাক বহিষ্কাৰৰ কথা ঘোষণা কৰাৰ কথা প্ৰত্যাহ্বান জনাই প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কৰা এনে মন্তব্য তথা গুৰুতৰ অভিযোগৰ উত্তৰ প্ৰদেশে কংগ্ৰেছে কিদৰে দিয়ে সেইয়া নিশ্চয় লক্ষ্যণীয় হ'ব।