অসম

ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিশেষজ্ঞ কমিটি গঠন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ ৰাজ্যৰ বাল্য বিবাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছিল ।বাল্য বিবাহ ৰোধ কৰিবলৈ নিৰ্ধাৰিত বয়সৰ পূৰ্বেই বিবাহ কৰোৱা অভিয়ুক্ত স্বামীসকলক আটক কৰাৰ উপৰিও বহু স্বামীক গ্ৰেপ্তাৰ কৰিছিল ।

এইবাৰ বহু বিবাহকলৈ কঠোৰ হ'ব ৰাজ্য চৰকাৰ । শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে ৰাজ্যত বন্ধ হ'ব বহু বিবাহ ।

কিয়নো ৰাজ্যত বাল্য বিবাহৰ দৰে বহু বিবাহ বিভিন্ন সময়ত সম্পন্ন হোৱাৰ ঘটনা পোহৰলৈ অহাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে । আইনৰ দ্বাৰা বহু বিবাহ ৰোধ কৰিবলৈ মুখ্য়মন্ত্ৰীগৰাকীয়ে এখন কমিটি গঠন কৰা হ'ব বুলি উল্লেখ কৰিছিল ।

বৃহস্পতিবাৰে এই সন্দৰ্ভত এখন বিশেষজ্ঞ কমিটি গঠনৰ কথা টুইটযোগে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এই চাৰিজনীয়া বিশেষজ্ঞ কমিটিখনত আছে অৱশৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকন, মহাধিবক্তা দেৱজিৎ শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলীন কোহলি, আৰু অধিবক্তা নেকিবুৰ জামান ।

উল্লেখ্য় যে গঠন কৰি দিয়া কমিটিখনে ৬০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব ।