অসম

আপকু'ৰ মহানগৰ জিলা সমিতি গঠন...

Asomiya Pratidin

ডিজিটেল সংবাদ, পলাশবাৰীঃ সাংবাদিক সংগঠন আসাম প্ৰেছ কৰেচপণ্ডেণ্টচ ইউনিয়ন চমুকৈ আপকু'ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ এখন সাধাৰণ সভা বুধবাৰে আজাৰাত অনুষ্ঠিত হয় ।

জ্যেষ্ঠ সাংবাদিক ৰতন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সংগঠনৰ জ্যেষ্ঠ সদস্য ধনঞ্জয় বৰ্মনে । সভাত জিলা সমিতিখনৰ সাংগঠনিক দিশৰ লগতে অনন্য বিষয়সমূহ আলোচনা কৰা হয় ।

এই সভাতেই আগন্তুক দুটা বছৰৰ বাবে নতুন সমিতি এখন গঠন কৰা হয় । সাংবাদিক ৰতন কলিতাক সভাপতি, ধ্ৰুৱজ্যোতি কলিতাক কাৰ্যকৰী সভাপতি, কবিতা কাকতি বৰ্মনক উপ-সভাপতি, ধনঞ্জয় বৰ্মনক সম্পাদক, হিতেশ কলিতাক সহ সম্পাদক, অভিজিৎ কলিতাক সাংগঠনিক সম্পাদক হিচাপেলৈ এঘাৰ জনীয়া সমিতি গঠন কৰা হয় ।