পানেৰী চাহ বাগিচা
পানেৰী চাহ বাগিচা 
অসম

পোন প্ৰথমবাৰৰ বাবে পানেৰী চাহ বাগিছাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট সভা অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে । পিছে এইবাৰ কাৰ্যলয়ৰ পৰিৱৰ্তে কেবিনেটৰ বৈঠক অনুষ্ঠিত হ’ব এখন চাহ বাগিছাত । অসমৰ চাহৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

দেওবাৰে ওডালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব অসম মন্ত্ৰালয়ৰ ৰাজ্যিক কেবিনেট সভা । ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে চাহ বাগিচাত অনুষ্ঠিত হ’ব হিমন্ত কেবিনেটৰ বৈঠক । অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টি পানেৰীত সন্ধিয়া ৬ বজাৰ অনুষ্ঠিত হ’ব এই বৈঠক ।

আজিৰ কেবিনেট অনুষ্ঠিত হ’বলগীয়া মেকলিয়ড ৰাছেলৰ মালিকানাধীন পানেৰী টি গাৰ্ডেনৰ ক্লাবটো ব্ৰিটিছ যুগতে প্ৰতিষ্ঠা হোৱা ৰাজ্যখনৰ অন্যতম পুৰণি ক্লাব ।

ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তই আদিবাসী, বড়োসহ বিভিন্ন ভাষা-ভাষী অসমীয়াৰ আৱাসভূমি পানেৰীত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথাই স্বাভাবিকতে সাধাৰণ জনতাৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে ।