অসম

এসপ্তাহে বিদ্যালয়ত যোগান দিয়া নাই চাউল, হঠাৎ দুই ৰান্ধনীক অব্যাহতি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মাত্ৰ ১৭০ টকা মাননিৰে পৰা বিগত সুদীৰ্ঘ ১৬ বছৰে কণ কণ ছাত্ৰ-ছাত্ৰীক আহাৰ যোগান ধৰা দুগৰাকী ৰান্ধনী । পিছে এই দুগৰাকী ৰান্ধনীয়ে এতিয়া কান্দি কান্দি বাট নেদেখা হৈছে । কিয়নো ৰান্ধনী কেইগৰাকীক কোনো ধৰণৰ আগতীয়া জাননী প্ৰেৰণ নকৰাকৈ হঠাৎ অব্যাহতি দিয়া হৈছে ।

এই ঘটনা সংঘটিত হৈছে মাতিয়াখানাৰ ফুকনবাৰী নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত । অভিযোগ অনুসৰি বিদ্যালয়খনত কৰ্মৰত দুগৰাকীকৈ ৰান্ধনীক বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে অব্যাহতি দিছে ।

অভিযোগ অনুসৰি সভাপতিগৰাকীয়ে বিদ্যালয়লৈ ৰান্ধনী নাহে বুলি অভিযোগ তুলি ৰান্ধনি বদলি কৰিছে । কিন্তু সভাপতিয়ে নাজানে যে বিদ্যালয়খনলৈ যোৱা এটা সপ্তাহেই চাউল অহা নাই, যাৰ ফলত মধ্যাহ্নভোজনৰ আহাৰ যোৱা এটা সপ্তাহেই খুউওৱা নাই । এতিয়া প্ৰশ্ন হ'ল যদিহে বিদ্যালয়ত এসপ্তাহে চাউল যোগান ধৰা নাই কিদৰে ৰান্ধনী কেইগৰাকীয়ে বিদ্যালয়লৈ আহি কি বনাই খুৱাব ।

প্ৰণিধানযোগ্য যে এসপ্তাহ চাউল নহাৰ পিছতো খবৰ ল'বলৈ সময় নাই বিদ্যালয় পৰিচালনা সমিতিৰ । প্ৰকৃততে ক’ত অন্তৰ্ধান হয় ছাত্ৰ-ছাত্ৰীৰ বাবে অহা চাউল ? নে যোগান ধৰা হোৱা বিভাগৰ তৰফৰ পৰা । কেৱল পৰিচালনা সমিতিৰ হাতত ক্ষমতা আছে বাবেই মহিলা দুগৰাকীৰ ওপৰত এই অন্যায় কৰাটো উচিত হৈছেনে ?

কোনে বুজিব এতিয়া এইসকল মহিলাৰ দুখৰ বেদনা । নূন্যতম বেটনেৰে ছাত্র-ছাত্ৰীক অহাৰ যোগান ধৰি অহা ৰান্ধনীক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিযে সাল-সলনি কৰা এই সিদ্ধান্তই এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰান্ধনী দুগৰাকীৰ পৰিয়ালৰ।

কান্দি কান্দি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে প্ৰধান শিক্ষয়ত্ৰীক আহ্বান জনাইছে । আমাৰ যদি কিবা ভুল হৈছিল ক্ষমা কৰি দিয়ক । "মোক এবছৰ সময় দিয়ক, বিদ্যালয়ত ভাত বনাই পোৱাৰ টকাৰে ল'ৰাটোক পঢ়ুৱাই আছো । মোক কামটোৰ পৰা এৰুৱাই দিলে ল'ৰাটোক ভাৰা ঘৰৰ ১৪০০ শ টকা মই কৰ পৰা দিম" এনে কাতৰ আহ্বানৰ পিছত উৰ্দ্ধতম কৰ্তৃপক্ষই ৰান্ধনী দুগৰাকীক কেনেকৈ ন্যায় প্ৰদান কৰে সেয়া হ'ব লক্ষণীয় ।