অসম

সমবায় সমিতিৰ দোকানৰ চাউলত কীটনাশকৰ গোন্ধ : অসুস্থ হিতাধিকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : গোলাঘাট জিলাৰ নুমলীগড়ৰ সমীপৱৰ্তী মৰঙিৰ নাৰায়ণপুৰত ভয়ানক পৰিস্থিতি। সমবায় সমিতিৰ দোকানৰ চাউল খাই অসুস্থ হিতাধিকাৰী ৷

চাউলত কীটনাশকৰ গোন্ধ। উত্তৰ মৰঙি সমবায় সমিতিৰ অধীনৰ নাৰায়ণপুৰৰ পুতুল দত্ত নামৰ এজেন্টগৰাকীয়ে দৰিদ্ৰ পৰিয়ালৰ বাবে যোগান ধৰা চাউলত কীটনাশক ঔষধৰ গোন্ধ পোৱাৰ অভিযোগ সচেতন ৰাইজৰ ।

অভিযোগ সেই চাউলৰ ভাত খাই বমি, মূৰঘূৰণিত অসুস্থ হৈ পৰিছে বহু কেইগৰাকী লোক ৷ এজেন্টক চাউল উভতাই দিছে একাংশই ৷ ইয়াকে লৈ গাঁৱখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।