অসম

বিহালীত পুণৰ জব্দ পাঁচখন গৰু ভৰ্তি বাহন, আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালীঃ বিহালী আৰক্ষীৰ নাকাচেকিং বুৰৈঘাটত পুণৰ জব্দ পাঁচখন গৰু ভৰ্তি বাহনসহ ৮ জন লোকক আটক কৰা হৈছে । উল্লেখ্য যে বিগত সময়ত বিহালীত ২ শতাধিক গৰু সহ বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল বিহালী আৰক্ষী।

তথ্য মতে মঙলবাৰে বিহালী বুৰৈঘাটত বিহালী আৰক্ষীৰ নাকাচেকিঙত পুৱা ৮ মান বজাত জোনাইৰ পবা বাঘমাৰীলৈ আনি থকা অৱস্থাত পাচখন বলে'ৰ পিক আপ বাহন আৰু ৮ জন লোকসহ সৰ্বমুঠ ৩২ টা গৰু জব্দ কৰে । জব্দকৃত গৰুসমূহৰ ভিতৰত এটা গৰু মৃত অৱস্থাত লাভ কৰে আৰক্ষীয়ে ।

জব্দ কৰা বাহন কেইখন নম্বৰ হৈছে ASO7 BC 4311, AS22C 936, AS07 BC 7020, AS22 C 9042 আৰু আনখনৰ নম্বৰ বিহীন। বৰ্তমান বিশ্বনাথ আৰক্ষীৰ অপৰাধ শাখাৰ উপ-আৰক্ষী অধীক্ষক অমৃত হোজায়ে এই সন্দৰ্ভত তদন্ত অব্যাহৰ ৰাখিছে।