অসম

ৰাষ্ট্ৰীয় জু-জিৎসু চেম্পিয়নশ্বিপত উজলিল নগাঁৱৰ ৫গৰাকী

Asomiya Pratidin

ডিজিটেল সংবাদ, নগাঁওঃ সদ্য সমাপ্ত লক্ষ্ণৌৰ চৌক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৮ বছৰ অনুৰ্ধ্ব ৰাষ্ট্ৰীয় জু-জিৎসু চেম্পিয়নশ্বিপত অসমৰ নগাঁও জিলাৰ ৬গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি ৫গৰাকীয়ে পদক অৰ্জন কৰি নগাঁও জিলালৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে। অবিভক্ত নগাঁও জিলাৰ গ্ৰেটাৰ জু-জিৎসু সন্থাই নগাঁও বাইপাছৰ ডেষ্টিনী ৰিৰ্জটত অনুষ্ঠিত হোৱা সভাত পদক অৰ্জন কৰা খেলুৱৈসকলক উষ্ণ আদৰণি জনোৱা হয় ।

বিশিষ্ট সমাজসেৱক তথা গ্ৰেটাৰ জু-জিৎসু সন্থা নগাঁৱৰ সভাপতি অৰূপ কুমাৰ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত দলটোৰ নেতৃত্বত যোৱা প্ৰশিক্ষক তথা গ্ৰেটাৰ জু-জিৎসু সন্থাৰ নগাঁৱৰ সম্পাদক ৰিকু কটকী লগতে খেলুৱৈ ৰতন টিমুং(গল্ড মেডল,১০ বছৰৰ অনুর্ধ ল'ৰা),মাধূর্য্য মৌচম পাটৰ(ব্ৰঞ্জ মেডেল ,১০ বছৰৰ অনুধ্ব), প্ৰাচূয্য প্ৰতীম বৰা(ব্ৰঞ্জ মেডেল,১২ বছৰৰ অনুধ্ব), নিহাৰিকা বৰা (ব্ৰঞ্জ মেডেল ২টা শাখা ত,১৬ অনুধ্ব ছোৱালী),ষষ্ঠী মনি ডেকা (ব্ৰঞ্জ মেডেল,১৬ অনুধ্ব ছোৱালী)ৰ কন্টেক্ট ফাইটিং শাখাত পদক অৰ্জন কৰা এই খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা জনোৱা এই সভাত উপস্থিত থাকি খেলুৱৈসকলক অনুপ্ৰেৰণা জনাই সন্থাৰ উপদেষ্টা ব্ৰজেন কাকতি, কোষাধ্যক্ষ ভাস্কৰ জ্যোতি বৰা, প্ৰশিক্ষক ৰাজ নায়ক , প্ৰশিক্ষক হীৰক দাস প্ৰচাৰ সম্পাদক তথা জেষ্ঠ সাংবাদিক মানৱ জ্যোতি বৰা লগতে খেলুৱৈসকলৰ গুৰি ধৰোতা অভিভাৱকসকল উপস্থিত আছিল। উল্লেখযোগ্য যে শেহতীয়াকৈ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে জু-জিৎসু খেল ।