অসম

হোলীৰ আনন্দৰ মাজতে ৰাক্ষসমাৰীত অগ্নিকাণ্ডৰ ঘটনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাংঃ ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ অগ্নিকাণ্ড৷ পুৱা প্ৰায় ৫ মান বজাত সংঘটিত অগ্নিকাণ্ডত ৰাক্ষসমাৰী চেণ্টাৰত থকা ৫ খন দোকান জ্বলি চাৰখাৰ হয়৷ দুখন হোটেল, গেলামালৰ দোকান, জোতা-চেণ্ডেলৰ দোকান সম্পূৰ্ণ জ্বলি চাৰখাৰ হয়।‌ প্ৰথমে বজ্ৰপাতৰ ফলত জুই লাগে এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত আৰু জুই বিয়পি পৰে ৫ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ৷

সুজিত সৰকাৰ, নগেন দাস, দিলদাৰ সাহ, বেনু দাসৰ দোকান ইতিমধ্যেই জুইত জাঁহ গৈছে৷ ঢেকিয়াজুলিৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও সেই সময়ত ধাৰাষাৰ বৰষুণ অহাত জুই নিৰ্বাপন হয়৷ কিন্তু বৰষুনৰ মাজতে সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাত ৰাক্ষসমাৰী চেন্টাৰত থকা অন্যান্য বহু ব্যৱসায়ীক প্ৰতিষ্ঠান কথমপি ৰক্ষা পৰে৷ এই ঘটনাৰ বাবে হোলীৰ আনন্দ কিছু হ'লেও ম্লান পৰিব সমগ্ৰ অঞ্চলটোত।