অসম

শিলঘাট মৰাপাট কলত ভয়াৱহ অগ্নিকাণ্ডঃ প্ৰায় তিনি কোটি টকাৰ ক্ষতি

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ নগাঁও জিলাৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলত ভয়ংকৰ অগ্নিকাণ্ড। মঙলবাৰে পুৱা প্ৰায় ৯-৪৫ বজাত কলটোৰ প্ৰাৰম্ভিক ইউনিটত জুইৰ সূত্ৰপাত হয়।

অগ্নিকাণ্ডৰ ফলত ইউনিটটোত সামগ্ৰী তৈয়াৰীৰ বাবে মজুত কৰি ৰখা বুজন পৰিমাণৰ মৰাপাট ভষ্মীভূত হোৱাৰ লগতে যন্ত্ৰ-পাতিৰো ক্ষতিসাধন হয়। জানিব পৰা অনুসৰি মেচিনত হোৱা চৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি কল কৰ্তৃপক্ষৰ সন্দেহ।

অগ্নি নিৰ্বাপক বাহিনীৰ ৬ খন গাড়ীয়ে জুই নুমোৱাবলৈ চেষ্টা চলাই জুই নিয়ন্ত্ৰণ কৰে যদিও মৰাপাটৰ দ'ম আৰু কলটিৰ চাদত বহু সময়লৈ জুই জ্বলি থাকে। কলৰ শ্ৰমিকসকলৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে মৰাপাটসমূহ কলৰ বাহিৰলৈ উলিয়াই আনে।

অগ্নিকাণ্ডৰ ফলত কলটিৰ প্ৰায় ৩ কোটি টকাৰ ক্ষয় ক্ষতি হোৱা বুলি প্ৰকাশ কৰিছে কল কৰ্তৃপক্ষই। অৱশ্যে অগ্নিকাণ্ডৰ পিছতে অচল হৈ পৰে কলটোৰ স্বাভাৱিক কাম-কাজ।