অসম

চুকাফাৰ মৈদাম দখলকাৰীৰ বিৰুদ্ধে মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ ঐতিহাসিক চৰাইদেউ পৰ্বতৰ নামনিলৈ থকা চাওলুং চুকাফাৰ মৈদাম ব্যক্তিগত ভূমিৰ ম্যাদি পট্টাত সোমাই থকা বিষয়টোত সৰব হৈ দুর্নীতি বিৰোধী যুৱশক্তি, অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে স্থানীয় মথুৰাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। আৰক্ষীক দাখিল কৰা এজাহাৰ খনত গগৈয়ে এইবুলি অভিযোগ কৰিছে যে, এঙেৰা বাকু পুখুৰী হাবি গ্রান্ট নিবাসী অজিত বৰুৱা, লাবন্য বৰুৱা আৰু টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ নিবাসী দেবেন সন্দিকৈয়ে বাকু পুখুৰী হাবি গ্ৰান্টত অৱস্থিত চাওলুং চ্যুকাফাৰ মৈদাম আৰু চৰাইদেউ দেওশাল বে-দখল কৰি উক্ত ভূমি সমূহ তেওঁলোকৰ বুলি কৈ তাৰপৰা মাটি খান্দি, গছ- গছনি কাটি ক্ষতি সাধন কৰা বুলি এজাহাৰত উল্লেখ কৰিছে।

যোৱা ২ ডিচেম্বৰৰ দিনা চুকাফা দিবস উদ্‌যাপন কৰিবলৈ উক্ত স্থানলৈ অহা গগৈক উক্ত স্থানত প্ৰৱেশ কৰিব লোৱা অৱস্থাত লোক কেইগৰাকীয়ে তেওঁক প্ৰৱেশত বাধা প্ৰদান কৰি মাৰি-কাটি শেষ কৰি দিম বুলি ভীতি প্রদর্শন কৰে বুলি গগৈয়ে এজাহাৰ খনত উল্লেখ কৰিছে।

বৰ্তমান মথুৰাপুৰ আৰক্ষীয়ে এই এজাহাৰ দাখিলৰ পাছতে এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।ইফালে চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগে ইতিমধ্যে চাওলুং চুকাফাৰ মৈদাম পৰিদৰ্শন কৰি অতিশীঘ্ৰে বেদখল মুক্ত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷