৯৩৫ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰীৰ...
৯৩৫ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰীৰ...  
অসম

৯৩৫ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰীৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অজন্তা নেওগে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যৰ বাজেটত একত্ৰীকৃত নিধিত মুঠ ১৩৯৪৪৩.৮৮ কোটি টকাৰ প্ৰাপ্তিৰ প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে ১১৪০৮৪.৬৯ কোটি টকা ৰাজহ শিতানত আৰু বাকী ধন ২৫৩৫৯.১৯ কোটি টকা মূলধনী শিতানৰ।

বিভিন্ন উৎসৰ পৰা অহা একত্ৰীকৃত নিধিৰ আনুমানিক প্ৰাপ্তিৰ তালিকা অনুসৰি ৰাজ্যিক কৰৰ পৰা ৩০০০১.৬৬ কৰহীন ৰাজহ, ৭০১০.৮৪ কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিয়া ৰাজহ, ৩১৯৫০.৮৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা আঁচনিৰ বাবত ৩১১৩০.৪৮ কোটি টকা বিত্তীয় আয়োগৰ অনুদান, ১০১৮৬.৩৯ কোটি টকা।

অন্যান্য শিতানত আহিবলগীয়া ধনকে ধৰি সৰ্বমুঠ ১৩৯৪৪৩.৮৮ কোটি টকাৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে। ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ শিতানত ২ হাজাৰ কোটি টকা যুগ হোৱাত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'বগৈ ৩২১৭৪২৭১ কোটি টকা।

আনুমানিক ৬৬০.৯ কোটি টকা ৰাহি হ'ব লেনদেনৰ বাবত। ইয়াৰ বাবে বছৰটোৰ আৰম্ভণিৰ ঘাটি ১৫৯৬.১৯ কোটি টকাৰ হিচাপ মিলালে ২০২৩-২৪ বৰ্ষৰ বাজেটৰ ঘাটিৰ পৰিমাণ হ'বগৈ ৯৩৫.২৩ কোটি টকা।