অসম

ৰেল নগৰী লামডিংত উৎসৱ মুখৰ পৰিৱেশ

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ অয্যোধাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি এতিয়া সৰ্বত্ৰে এক আনন্দময় আৰু ধাৰ্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত ৰেলনগৰী লামডিঙতো এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । লামডিংৰ বিভিন্ন প্ৰান্তত চলিচে প্ৰভু ৰামৰ আৰাধনা । লামডিঙৰ ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে উৎসৱমুখী পৰিৱেশ গঢ়ি তুলিছে লামডিঙত ।

বিভিন্ন ক্লাবত, বিভিন্ন স্থানৰ লগতে লামডিঙৰ প্ৰতিখন মঠ মন্দিৰত ৰাম ভক্তসকলে পূজা আৰাধনা কৰাৰ লগতে প্ৰতিটো অঞ্চলতে যজ্ঞৰ আয়োজনো পৰিলক্ষিত হৈছে । তাৰোপৰি বিভিন্ন সংগঠনে বাইক ৰেলীৰে জয় শ্ৰী ৰাম ধ্বনিৰে শোভাযাত্ৰা কৰে ৰেল নগৰী লামডিঙত ৷

সমগ্ৰ দেশজুৰি ধ্বনিত ভগৱান ৰামৰ বন্দনা। কেৱল অযোধ্যাই নহয়, লামডিংৰ বিভিন্ন ঠাইত মন্দিৰে মন্দিৰে চলিছে ভগৱান শ্ৰীৰামক আদৰাৰ প্ৰস্তুতি। লামডিং চহৰ এতিয়া এক উৎসৱ মুখৰ পৰিবেশ প্ৰতি মানুহৰ ঘৰৰ পদুলিয়ে পদুলীয়ে ভগবান ৰামৰ পতকা উৰুৱাৰ পৰিলক্ষিত হৈছে। আনফালে লামডিং বিজেপী দলে ঠাকুৰবাড়ী ৰ'ডত ৰাম প্ৰতিমূৰ্তি স্থাপন কৰি বিশাল পূজাৰ আয়োজন কৰে ।