এই মুহুৰ্তৰ খবৰ
এই মুহুৰ্তৰ খবৰ 
অসম

কৰ্কট ৰোগ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি চফিকুৰ ৰহমানৰ পৰিয়ালৰ কাতৰ অনুৰোধ

Asomiya Pratidin

ডিজিটেল সংবাদ,মোৰাঝাৰঃ হোজাই মহকুমাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত মৌডংগা পথাৰ গাঁৱৰ বাসিন্দা চফিকুৰ ৰহমানৰ পৰিয়ালে চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি স্থানীয় বিধায়ক ছিৰাজুদ্দিন আজমল আৰু দল-সংগঠনলৈ কাতৰ অনুৰোধ জনায়। চফিকুৰ ৰহমানে বিগত দুবছৰৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ বিচনাত পৰি আছে ।

বিগত দুবছৰত চিকিৎসা সেৱাৰ নামত নিজৰ মাটি-বাৰী, সা-সম্পত্তি আদি বিক্ৰী কৰি শেষ কৰিলে। এতিয়া চিকিৎসা কৰিবলৈ হাতত নাই প্ৰয়োজনীয় ধন । পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল চফিকুৰ ৰহমান।

এতিয়া পৰিয়াল চলাব নে চিকিৎসা কৰিব তাক লৈ বিমোৰত পৰিছে দুৰ্ভগীয়া ৰহমান। উপযুক্ত চিকিৎসাৰ অভাৱত ৰোগ মুক্ত হ'ব পৰা নাই ৰহমান। তথাপিও যেন জীৱন যুঁজত হাৰ মনা নাই তেওঁ।

বৰ্তমান চিকিৎসাৰ বাবে অধিক ধনৰ প্ৰয়োজন। সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে যমুনামুখ সমষ্টিৰ বিধায়ক আৰু দল-সংগঠনলৈ দুৰ্ভগীয়া পৰিয়ালটিয়ে চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি কাতৰ অনুৰোধ জনাইছে । কোনো সদাশয় সহানুভূতিশীল লোকে ৰোগাক্ৰান্ত চফিকুৰ ৰহমানক আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে তেওঁৰ পত্নী ৰাহেনা বেগমৰ নামত থকা মোৰাঝাৰ এছ বি আই শাখাৰ একাউণ্ট নম্বৰ 40062551447,IFSC CODE 8751ত দিব পাৰিব বুলি জনায়।