অসম

উদুলি মুদুলি পৰিৱেশেৰে মাজুলীৰ ফাকুৱা উৎসৱৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ ,মাজুলী : মাজুলীৰ সত্ৰ অনুষ্ঠানসমূহত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ফাকুৱা উৎসৱ। বুধবাৰে উদুলি মুদুলি পৰিৱেশেৰে মাজুলীত অনুষ্ঠিত ফাকুৱা উৎসৱৰ সামৰণি পৰে।

সত্ৰ,গাঁও সকলোতে ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে। মাজুলীৰ সত্ৰীয়া পৰম্পৰাত আধ্যাত্মিকতা আৰু মৌলিকতা ৰক্ষিত ফাকুৱা উৎসৱৰ অন্তিম দিনা আবিৰৰ ৰঙীন পৰশ, পৰম্পৰাৰ ধাৰাবাহিকতা আৰু আধ্যাত্মিকতা বিজড়িত ধৰ্মীয় ৰীতি-নীতি তথা ভকত-বৈষ্ণৱৰ উল্লাস-উদ্দীপনাই মাজুলীত দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি কৰে ৷

ঐতিহাসিক গড়মূৰ সত্ৰৰ উপৰিও গড়মূৰ সৰু সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰ আদিতো পৰম্পৰা ৰক্ষা কৰি ৰঙৰ উৎসৱ ফাকুৱা উলহমালহেৰে উদ্‌যাপন কৰে ৷ এইদৰে পুৱাৰে পৰা মাজুলীৰ বিভিন্ন সত্ৰ, গাঁৱসমূহত ধৰ্মীয় ৰীতি নীতি,পৰম্পৰা, মৌলিকতা ৰক্ষা কৰি এক উৎসৱ মুখৰ হৈ পৰে।