অসম

ৰেগিঙৰ বলি হৈ আই আই টি খড়পুৰত অসম সন্তানৰ মৃত্যুৰ প্ৰসংগ, ক্ষুব্ধ ন্যায়ালয়

Asomiya Pratidin

ডিজিটেল ডেস্ক: জ্যেষ্ঠ আৱাসী ছাত্ৰৰ বাবে ৰেগিঙত খড়গপুৰৰ আই আই টিৰ ছাত্ৰ তথা অসম সন্তান ফাইজান আহমেদে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। সেই সন্দৰ্ভত আই আই টি খড়গপুৰৰ নিৰৱতাত ক্ষুব্ধ হৈ পৰিছে কলিকতা আদালত।

তিনিচুকীয়াৰ ছাত্ৰ গৰাকীক ৰেগিঙৰ নামত হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালে দাখিল কৰা গোচৰৰ বৃহস্পতিবাৰে দ্বিতীয়টো শুনানি হয়। এই শুনানিৰ সময়ত প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাত কলিকতা উচ্চ ন্যায়ালয়ে ক্ষোভ ব্যক্ত কৰে।

ন্যায়ালয়ে আই আই টি খড়গপুৰৰ সঞ্চালকক তুলাধূনা দি কয় যে পৰৱৰ্তী শুনানিত তেওঁ নিজেই উপস্থিত থাকিব লাগিব। লগতে তদন্তৰ নামত আই আই টি কতৃপক্ষই কি কৰিছে বুলি প্ৰশ্নও কৰে ন্যায়ালয়ে। লগতে কয় যে সঞ্চালকে কেৱল ভাষণ দি আছে, ৰেগিঙৰ সৈতে জড়িত ছাত্ৰ সকলক বাছি উলিয়াব পৰা নাই। এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব ২০ ডিচেম্বৰত।

উল্লেখ্য যে,১৪ অক্টোবৰত হোষ্টেলক কোঠাৰ পৰাই উদ্ধাৰ হৈছিল ফাইজানৰ অৰ্ধগলিত মৃতদেহ। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ফাইজানে ৰেগিঙৰ নামত তেওঁৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল। কিন্তু আই আই টি কৰ্তৃপক্ষই কোনো পদক্ষেপ হাতত লোৱা নাছিল।

আৰু পঢ়ক: আজি অসম দিৱস, ৰাজ্যবাসীয়ে সুঁৱৰিব চাওলুং চুকাফাক