অসম

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে WIPS ৰ মহিলাৰ উদ্ভাৱনীমূলক প্ৰদৰ্শনী মেলা

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত আগন্তক আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি WIPS ৰ মহিলাৰ উদ্ভাৱনীমূলক প্ৰদৰ্শনী মেলা। প্ৰতি বছৰৰ দৰেই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ কুঞ্জবনত আগন্তক আন্তৰ্জাতিক নাৰী দিৱসক লৈ নুমলীগড় শোধনাগাৰ শাখাৰ Women in Public Sectorৰে মহিলা সৱলীকৰণ,মহিলা আত্মসংস্থাপন আদি চিন্তাৰে স্থানীয় আত্মসহায়ক গোটসমূহক লগত লৈ বিভিন্ন ধৰণৰ উদ্ভাৱনীমুলক, উৎপাদিত থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনমূলক মেলাৰ তথা বিক্ৰীৰ আয়োজন কৰে ।

অসমৰ ভিন্ন প্ৰান্তৰ লগতে স্থানীয় প্ৰায় ২২খন বিপনীয়ে অংশগ্ৰহণ কৰিছে । হোলী উপলক্ষে আগতীয়াকৈ এই মেলা দুদিনীয়াকৈ আয়োজন কৰিছে সংস্থাটোৱে। ইয়াকে লৈ যথেষ্ট উৎসাহিত দেখা গৈছে স্থানীয় মহিলা আত্মসহায়ক সংগঠন সমূহক ৷