অসম

প্ৰাক্তন ফুটবল খেলুৱৈ প্ৰবীন কলিতাৰ মৃত্যুত শোক…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও: নগাঁও চহৰৰ মিলনপুৰ নিবাসী সৰবৰহী ব্যক্তি প্ৰবীন কলিতা(ফুকন)ৰ বুধবাৰে পুৱা শুই থকা অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ ৷

উল্লেখযোগ্য যে, প্ৰবীন কলিতা এগৰাকী প্ৰাক্তন সুদক্ষ ফুটবল খৈলুৱৈ আছিল। নবৈৰ দশকত নগাঁও জিলা দলৰ গ'লৰক্ষক হিচাপে খেলিছিল কলিতাই।তেওঁ আছিল সামাজিকভাৱে ভাবে অঞ্চলটোত এগৰাকী জনপ্ৰিয় ব্যক্তি।

ক্লিক কৰি পঢ়কঃ সলনি হ'ল বিজেপিও…

বিগত কিছুদিন ধৰি মিলনপুৰ নামঘৰৰ নামঘৰীয়া হিচাপে কৰ্মৰত হৈ আছিল কলিতা। অঞ্চলটোৰ সকলোৰে প্ৰিয় ব্যক্তি গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।মৃত্যুৰ সময়ত প্ৰবীন কলিতাই মাতৃ, পত্নী , এগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে ৷