সলনি হ’ল বিজেপিও…

সলনি হ’ল বিজেপিও…

তুষাৰ প্ৰতিম

১৯৮০ চনৰ ৬ এপ্ৰিল তাৰিখে অটল বিহাৰী বাজপেয়ীয়ে কৈছিল অন্ধকাৰ আতৰিব সূৰ্য ওলাব, পদুম ফুলিব।বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতি অটল বিহাৰী বাজপেয়ীয়ে দলীয় কাৰ্যকৰ্তাৰ মনোবল বৃদ্ধি কৰিবলৈ এইদৰেই ভৱিষ্যতে দেশত পদুম ফুলিব বুলি মন্তব্য কৰিছিল। সেই সময়ত হয়তো বিজেপিৰ নেতৃত্বইয়ো এই কথাক ইমান গুৰুত্ব দিয়া নাছিল। দেশৰ সেই সময়ৰ অন্যান্য দলৰ নেতা কৰ্মীসকলে হয়তো ভুলতো ভৱা নাছিল এদিন বাজপেয়ীৰ এই কথা সত্য প্ৰমাণিত হ'ব!

কিন্তু সেইয়াই হ'ল। দল গঠনৰ ঠিক ৪২ বছৰৰ পিছত আজিৰ দিনটোত বাজপেয়ীৰ বিজেপিয়ে দেশ শাসন কৰাৰ উপৰিও ২০ খনতকৈ অধিক ৰাজ্যত শাসন চলাইছে। ইয়াৰ উপৰিও যিকোনো পৰিস্থতিতে বৰ্তমানৰ নেতৃত্বই দলটোক আৰু অধিক সম্প্ৰসাৰিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

জন্মলাভ কৰাৰ পিছতে দলটোৱে ১৯৮৪ চনত অনুষ্ঠিত অষ্টম সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। সেইবাৰ দলটোৱে লাভ কৰিছিল মাত্ৰ ২ খন আসন। সেই ২ খন আসনৰ পৰা আহি আজিৰ এই অৱস্থাত উপনিত হৈছে। আজিৰ তাৰিখত দেশৰ আটাইতকৈ বৃহৎ ৰাজনৈতিক দল বিজেপি।

বিগত ৪২ বছৰত বিজেপিৰ সাংসদৰ সংখ্যা বৃদ্ধি পালে ১৫০০০ শতাংশ। আনহাতে ৰাজ্যবোৰত বিধায়কৰ সংখ্যা বৃদ্ধি পালে ৯০০ শতাংশ। এদিন জনসংঘৰ পৰা বাহিৰ হোৱা অটল বিহাৰী বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানীৰ যুটীয়ে গঢ়ি তোলা বিজেপি যে এসময়ত বিশ্বৰে সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা হ'ব সেই কথা হয়তো সেই সময়ত ভবা হোৱা নাছিল।

১৯৮১ চনত বিজেপিৰ সমগ্ৰ দেশত বিধায়কৰ সংখ্যা আছিল কেৱল মাত্ৰ ১৪৮ জন। ইয়াৰ ঠিক ১০ বছৰৰ পিছত ১৯৯১ চনত দলটোৰ বিধায়কৰ সংখ্যা বৃদ্ধি পাই ৭৫১ গৰাকীলৈ। ২০০১ চনত আকৌ এই সংখ্যা বৃদ্ধি পাই ৭৭০ গৰাকীলৈ। এইদৰে ধাৰাবাহিকভাৱে দলটোৰ বিভিন্ন ৰাজ্যত বিধায়কৰ সংখ্যা বৃদ্ধি পাই ২০১১ চনত মুঠ বিধায়ক হয়গৈ ৮৬৯ গৰাকী।

২০১৪ চনত সমগ্ৰ দেশতে আহে মোডীৰ ধমুহা। এই মোডীৰ ধুমুহাই কংগ্ৰেছৰ লগতে অন্যান্য দলক তচনচ কৰি কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠন হয়। কংগ্ৰেছৰ দুৰ্নীতি, মূল্য বৃদ্ধি আদি সমস্যাৰে জৰ্জৰিত দেশবাসীয়ে বিচাৰিছিল এক বিকল্প শক্তি। নৰেন্দ্ৰ মোডীৰ বাকপটুতা আৰু সাধাৰণ জনতাক দিয়া প্ৰতিশ্ৰুতিয়ে কংগ্ৰেছক পৰাজিত কৰি বিজেপিক শাসনলৈ অহাত সহায় কৰিছিল। ২০১১ চনৰ পিছত বিগত এটা দশকত সমগ্ৰ দেশতে বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিধায়কৰ সংখ্যা যথেষ্ট বৃদ্ধি পাই। বৰ্তমান, সমগ্ৰ দেশত বিজেপিৰ বিধায়ক আছে মুঠ ১২৯৬ গৰাকী।

১৯৮৪ চনৰ অক্টোবৰ মাহত কেংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীক দুৰ্বৃত্তই হত্যা কৰাৰ পিছত সমগ্ৰ দেশতে আৱেগৰ জোৱাৰ উঠিছিল। এনে পৰিস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে ৪১৫ খন আসন লাভ কৰি এক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। সেই নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ২ খন আসন।

কিন্তু পৰৱৰ্তী লোকসভা নিৰ্বাচনত, বিজেপিৰ প্ৰদৰ্শন আছিল চকুত লগা। ১৯৮৪ চনৰ অষ্টম সাধাৰণ নিৰ্বাচনত মাত্ৰ ২ খন আসন লাভ কৰা বিজেপিয়ে ইয়াৰ পৰৱৰ্তী নৱম সাধাৰণ নিৰ্বাচনত লাভ কৰে ৮৫ খন আসন। এই নিৰ্বাচনতেই বিজেপিয়ে দেশত অতি সোনকালেই শক্তিশালী দল হিচাপে পৰিচিত হৈ পৰিব সেই কথাৰ আগতীয়া উমান দিছিল।

মাত্ৰ ২ খন আসনেৰে দেশৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰা বিজেপিয়ে পৰৱৰ্তী নিৰ্বাচনত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল। দেশৰ জনতাই বিজেপিৰ নেতৃত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি বিজেপিত চামিল হোৱাৰ লগতে দলটোক বিশ্বাসত ল'বলৈ ধৰিছিল। যাৰ প্ৰমাণ নিৰ্বাচন সমূহ।

১৯৮৬ চনৰ নৱম সাধাৰণ নিৰ্বাচনত বিজেপিয়ে দখল কৰিছিল মুঠ ৮৫ খন আসন। ইয়াৰ পিছত ক্ৰমে ১৯৯১ ৰ দশম সাধাৰণ নিৰ্বাচনত ১২০ খন, ১৯৯৬ চনৰ একাদশ সাধাৰণ নিৰ্বাচন ১৬১ খন আৰু ১৯৯৮ চনৰ নিৰ্বাচনত ১৮২ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

দেশৰ প্ৰতিটো নিৰ্বাচনতে ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল বিজেপিৰ সাংসদৰ সংখ্যা। ইয়াৰ পিছত ২০১৪ চনত আহিছিল মোডীৰ ধুমুহা। কংগ্ৰেছৰ প্ৰতি সাধাৰণ জনতাই মোহভংগ হৈছিল। কংগ্ৰেছক বিদায় দি সাধাৰণ জনতাই দেশৰ শাসনৰ ভাৰ অৰ্পণ কৰিছিল বিজেপিৰ। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে সেইবাৰ লাভ কৰিছিল মুঠ ২৮২ খন আসন।

নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে লৈ চৰকাৰ গঠন কৰা বিজেপিয়ে ৫ বছৰীয়া শাসন কালত নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হৈছিল যদিও দেশৰ জনতাই পৰৱৰ্তী নিৰ্বাচনতো দলটোক আদৰি লয়। কোৱা হয়, বিজেপিৰ চকুত লগা নিৰ্বাচনী প্ৰচাৰ, প্ৰলোভিত প্ৰতিশ্ৰুতি আদিয়েই সেইবাৰো বিজেপিক শাসনলৈ অহাৰ বাট মুকলি কৰি দিছিল।

বিজেপিয়ে ২০১৪ চনৰ নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ক'লা ধন ঘূৰাই অনা, প্ৰতিজন ব্যক্তিৰ একাউণ্টত ১৫ লাখকৈ টকা দিয়া আদি পূৰণ নকৰিলে যদিও কৌশলী নিৰ্বাচনী প্ৰচাৰৰ বাবে ২০১৯ চনৰ নিৰ্বাচনত পুনৰ বিজয়ৰ মুকুট পৰিধান কৰে। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দলটোৱে সেইবাৰ লাভ কৰে ৩০৩ খন আসন। ইয়াৰ লগে লগে লোকসভাত বিজেপিৰ সাংসদৰ সংখ্যা ১৯৮৪ চনৰ তুলনাত ১৫০০০ শতাংশ বৃদ্ধি পালে।

হিন্দুত্ববাদী আদৰ্শৰে পৰিচালিত বিজেপিৰ সময়ৰ লগে লগে বিধায়ক আৰু সাংসদৰ সংখ্যা যিদৰে বৃদ্ধি পালে ঠিক সেইদৰে দলটোৰ ভোটাৰৰ সংখ্যাও বৃদ্ধি পালে। দলটোৱে লাভ কৰা ভোটৰ সংখ্যা ১৯৮৪ চনতকৈ ১০০০ শতাংশ বৃদ্ধি পালে। ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে সমগ্ৰ দেশত লাভ কৰিছিল ১.৮২ কোটি ভোট। ইয়াৰ পৰৱৰ্তী নিৰ্বাচনত দলটোৱে লাভ কৰে ৩.৪১ কোটি আৰু ১৯৯১ চনত ৫.৫৩ কোটি ভোট লাভ কৰে।

একেদৰে এইদৰে দলটোৱে লাভ কৰা ভোটৰ সংখ্যা ১৯৯৬ চনত বৃদ্ধি পাই ৬.৭৯ কোটিলৈ। এইদৰে প্ৰতি ৫ বছৰৰ মূৰে মূৰে দলটোৱে লাভ কৰা ভোটৰ সংখ্যা বৃদ্ধি হৈ হৈ ২০১৪ চনত হয় গৈ ১৭. ১ কোটি আৰু শেহতীয়া ২০১৯ চনৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ভোটৰ সংখ্যা হয়গৈ ২২.৯ কোটি।

বিজেপি জন্মৰ এই সুদীৰ্ঘ ৪২ টা বছৰত দলটোলৈ বহু মুখ আহিল আৰু গ'ল সেইসকলৰ নাম হয়তো কাৰো মনত নাই। কিন্তু এই দলটোৰ সৈতে এনে কিছু নেতা জড়িত হৈ আছিল যিসকলৰ নাম আজিও আনহে নালাগে বিৰোধী দল, নেতাইও শ্ৰদ্ধাৰে স্মৰণ কৰে। অটল বিহাৰী বাজপেয়ী আজিও দেশৰ প্ৰতিজন ব্যক্তিৰে শ্ৰদ্ধাৰ। কংগ্ৰেছ নেতা তথা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৱেও এইগৰাকী বাজপেয়ীৰ মূল বুজি পাইছিল।

বহুতেই কয় আজিৰ তাৰিখত পূৰ্বৰ বিজেপি আৰু নাই। তেতিয়াৰ বিজেপি আৰু এতিয়াৰ বিজেপিৰ মাজত আকাশ পাতাল প্ৰাৰ্থক্য। আনহে নালেগে বিজেপি নেতায়েই আজিৰ তাৰিখত বিজেপিক লৈ সুখী নহয়। আজিৰ তাৰিখত দলটো পূৰ্বৰ তুলনাত সংখ্যাৰ দিশৰ পৰা বহু শক্তিশালী হ'ল ঠিকেই কিন্তু দলটোৱে হেৰুৱালে পূৰ্বৰ গৰিমা। আজিৰ তাৰিখত বিজেপিক বিশ্লেষণ কৰিবলৈ হ'লে দুটা যুগত ভাগ কৰি বিশ্লেষণ কৰিব লাগিব। অটল বিহাৰী বাজপেয়ী আৰু লাল কৃষ্ণ আদৱানীৰ বিজেপি যুগ আৰু নেৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ বিজেপিৰ যুগ।

১৯৮৪ চনত আৰম্ভ হৈছিল অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ বিজেপিৰ যুগ। এই যুগৰ সমাপ্তি ঘটিছে ২০০৯ চনত। আনহাতে ২০১৪ চনৰ পৰা আৰম্ভ হৈছে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ যুগ। এই দুয়োটা যুগৰ মাজত আছে প্ৰাৰ্থক্য।

বিজেপিৰ একালৰ বাজপেয়ীৰ সহযোগী তথা বিজেপি নেতা সুধীন্দ্ৰ কুলকাৰ্ণীয়ে এই দুয়োটা যুগৰ বিশ্লেষণ কৰিছে। বাজেপেয়ীৰ ভাষণ লিখা এইগৰাকী নেতাৰ মতে, বাজপেয়ী-আদৱানী যুগ এতিয়াৰ বিজেপিতকৈ সম্পূৰ্ণ বেলেগ। বাজপেয়ীয়ে বিজেপিক এটা মূলসুঁতিৰ দল হিচাপে গঠন কৰাৰ উপৰিও সকলোকে একেলগে লৈ আগবাঢ়ি যাবলৈ আন্তৰিকতাৰে চেষ্টা চলাইছিল।

অট বিহাৰী বাজপেয়ীয়ে বিজেপিককেৱল হিন্দুসকলৰ দল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা নাছিল। সেয়েহে বাজপেয়ীক বিৰোধী দল, নেতায়েও সন্মান কৰিছিল। তেওঁৰ মতে, নৰেন্দ্ৰ মোডীয়ে বিজেপিক পূৰ্বৰ ট্ৰেকৰ পৰা সম্পূৰ্ণ বেলেগ দিশলৈ গৈছে। তেওঁলোকে হিন্দুত্বৰ নামত বিজেপিক কেৱল এটা হিন্দুৰ দল হিচাপে গঢ়ি তুলিছে। তেওঁলোকে সংখ্যালঘু আৰু মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি তুলিছে। দলটোৰ সফলতা হৈছে, কিন্তু এনেধৰণৰ নীতিয়ে দলটোক সদায় শক্তিশালী কৰি নাথাকে। বৰ্তমানৰ বিজেপি নেতাৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য হৈছে ক্ষমতালৈ অহা আৰু ক্ষমতাত থকা।

বিজেপিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসত বিজেপিৰ একালৰ নেতা তথা দলটোৰ অন্যতম ঠিংক টেংক হিচাপে পৰিচিত সুধীন্দ্ৰ কুলকাৰ্ণীৰ এই বিশ্লেষণ অতিকৈ গুৰুত্বপূৰ্ণ। তেওঁৰ এই ব্যাখ্যা পূৰ্বৰ বিজেপি কাৰ্যকৰ্তাই হয়তো মৰ্মে মৰ্মে উপলব্ধি কৰিব। কিয়নো আজিৰ তাৰিখত বিজেপিত পূৰ্বৰ বিজেপি কাৰ্যকৰ্তাসকলৰ স্থান নোহোৱাৰ এক অভিযোগ উত্থাপিত হ'বলৈ আৰম্ভ কৰিছে।

যিসময়ত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি ধাৰাবাহিকতা ৰক্ষা কৰি শাসনভাৰ চলাই আছে ঠিক সেই সময়তে সুধীন্দ্ৰ কুলকাৰ্ণীৰ এই বিশ্লেষণে নিশ্চয়কৈ দলটোৰ আজিৰ নেতৃত্বৰ চকু মুকলি কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in