অসম

বিটিআৰ এলেকাত সংৰক্ষিত বনাঞ্চলত অবৈধ দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি অবৈধ ভাৱে স্থাপন গাঁৱত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। সংৰক্ষিত বনাঞ্চলৰ প্ৰায় তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে।

বিটিচি প্ৰশাসনৰ নিৰ্দেশত আৰু চিৰাং জিলা প্ৰশাসন, বন বিভাগ, আৰক্ষী আৰু এচএচবিৰ সহযোগত আজি পুৱাৰ পৰা চলিছে এই অভিযান। আজিৰ এই ভাৰত-ভূটান সীমান্তৰ ৰুনীখাতা ৰেঞ্জৰ অধীনস্থ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত অবৈধ ভাবে স্থাপন কৰা খালবাৰী, ওদালগুৰি গাঁৱত অঞ্চলত চলায় এই অভিযান।

ভাঙি দিয়া হয় অবৈধ ভাৱে নিৰ্মান কৰা প্ৰায় তিনিশ বাসগৃহ, উপাসনা স্থলী ।উচ্ছেদ অভিযান চলোৱাৰ সময়ত একাংশ বেদখলকাৰী মহিলাই বাধা প্ৰদান কৰাৰ চেষ্টা কৰে যদিও প্ৰশাসনৰ বাধা প্ৰদান কৰা মহিলা সকলক আঁতৰাই দি অভিযান অব্যাহত ৰাখে ।

কিন্তু বেদখলকাৰী সকলে অভিযানকাৰী দলৰ সন্মুখতে সংৰক্ষিত বনাঞ্চল এৰি নোযোৱাৰ হুংকাৰ প্ৰদান কৰে । অভিযানকাৰী দল আঁতৰি যোৱাৰ পাছতেই পুণৰ ঘৰ দুৱাৰ নিৰ্মান কৰিব বুলি সদৰি কৰে । তেওঁলোকৰ বিকল্প ব্যৱস্থা নকৰাকৈ এই উচ্ছেদ অভিযান চলোৱাৰ বাবে উচ্ছেদিত মহিলা সকলে বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ভূমিকাক সমালোচনা কৰে ।

মঙলবাৰৰ দিনটোত অনুৰূপ উচ্ছেদ অভিযান চলোৱা হব বুলি বনবিভাগৰ পৰা সদৰি কৰা হৈছে । লক্ষ্যনীয় বিষয় যে বনাঞ্চল ধ্বংস কৰি বেদখল কৰা লোক সকল অধিকাংশই হৈছে অসমৰ ধেমাজী, লক্ষীমপুৰ, শোণিতপুৰ আৰু অৰুনাচল, নাগালেণ্ড আদিৰ পৰা অহা প্ৰবজনকাৰী । বনাঞ্চল ধ্বংস কৰি জনাঞ্চললৈ ৰূপান্তৰ কৰা এই বেদখলকাৰী সকলক একাংশ দালাল চক্ৰ সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ বন বিভাগৰ লোকে ।