অসম

বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰম্ভ হোৱা পৰিস্কাৰ পৰিচ্চন্নতা প্ৰতিযোগিতাৰ মূল্যায়ন

Asomiya Pratidin

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত আৰম্ভ হৈছিল পৰিস্কাৰ পৰিচ্চন্নতা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শনিবাৰৰ পৰা মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে ।

এই মূল্যায়ন প্ৰতিযোগিতাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে অংশ লৈছে । উল্লেখযোগ্য যে খুমটাই সমষ্টিৰ ১২১ খন ৰাজহ গাঁও আৰু ২৪ খন বাগিছাই অংশ লৈছে এই পৰিষ্কাৰ প্ৰতিযোগিতাত ।

বিধায়ক মৃণাল শইকীয়াই প্ৰত্যক্ষভাৱে তদাৰক কৰা এই প্ৰতিযোগিতাৰ মূল্যায়ন প্ৰক্ৰিয়াত অৰণ্য মানৱ যাদৱ পায়েং,জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ,প্ৰাণজিৎ শইকীয়া,নন্দন প্ৰতিম শৰ্মা বৰদলৈ,শিক্ষাবিদ দিনেশ গগৈকে ধৰি কেইবাগৰাকীও লোকে অংশ লৈছে । বিচাৰক সকলে চাৰিটা ভাগত বিভক্ত হৈ আজিৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।