প্ৰশ্ন কাকত ফাদিলেই নহয়, এডমিটতো আছিল ডাঙৰ ভুল ! ২০২৩ ৰ পৰিৱৰ্তে এডমিটত ২০২২ ৰ ছীল...
প্ৰশ্ন কাকত ফাদিলেই নহয়, এডমিটতো আছিল ডাঙৰ ভুল ! ২০২৩ ৰ পৰিৱৰ্তে এডমিটত ২০২২ ৰ ছীল... 
অসম

প্ৰশ্ন কাকত ফাদিলেই নহয়, এডমিটতো আছিল ডাঙৰ ভুল ! ২০২৩ ৰ পৰিৱৰ্তে এডমিটত ২০২২ ৰ ছীল...

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাং: এতিয়া বিতৰ্ক মানেই যেন অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ! আজি পুনৰ এক বিতৰ্কৰ সূচনা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত। পিছে এইবাৰ বিতৰ্কৰ বিষয় প্ৰশ্ন কাকত ফাদিল নহয়, এইবাৰ এডমিট কাৰ্ডত বিসংগতি।

চিৰাং জিলাৰ বাসুগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ অধিকাংশ পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত চৰম বিসংগতি সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে । পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত হাইস্কুল শিক্ষান্ত পৰীক্ষা -২০২৩ উল্লেখ কৰা আছে অথচ এডমিট কাৰ্ডৰ তলৰ অংশত পৰীক্ষা কেন্দ্ৰৰ পৰিচালকৰ ছীল মোহৰ ২০২২ মাৰি দি স্বাক্ষৰ কৰা হৈছে। যিটো দেখ দেখকৈ এটা বিসংগতিপূৰ্ণ এটা বিষয় হিচাপে বিতৰ্কৰ সূচনা হৈছে।

লক্ষ্যনীয় বিষয় যে পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত ২০২৩ চনৰ মোহৰৰ সলনি ২০২২ ৰ ছীল মোহৰ আৰু স্বাক্ষৰ থকা বিসংগতিপূৰ্ণ এডমিট কাৰ্ডেৰেই পৰীক্ষাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হয় ।বিষয়টো ইমান দিনে কাৰো দৃষ্টিগোচৰ হোৱা নাছিল ।

দেওবাৰে নিশাৰ ভাগত বিষয়টো একাংশ পৰীক্ষাৰ্থীৰ অভিভাৱকৰ দৃষ্টিগোচৰ হোৱাত তেওঁলোকে ছাত্ৰ সংগঠনক অৱগত কৰে । সেইমৰ্মে একাংশ অভিভাৱক আৰু ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গই বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আহি উপস্থিত হয় আৰু পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়ববীয়াসকলৰ পৰা জানিব বিচাৰে ।

এই সন্দৰ্ভত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তথা পৰীক্ষা কেন্দ্ৰৰ পৰিচালিকা কল্পনা নাথে নিজৰ ভুল স্বীকাৰ কৰে। কিন্তু ইমান ডাঙৰ ভুলটো কিদৰে হ'বলৈ পালে তাকে লৈ উদ্বেগ প্ৰকাশ কৰে আৰু আগলৈ ছাত্ৰ ছাত্ৰী সকলৰ অসুবিধাৰ কথা চিন্তা কৰি পৰীক্ষাৰ শেষ হোৱাৰ পিছত ছেবা কতৃপক্ষৰ সৈতে আলোচনা কৰি কেনেকৈ বিষয়টো সমাধান কৰা যায় তাৰ চেষ্টা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।

সদৌ বি টিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ নেতা শুভ মজুমদাৰে কয় যে, এয়া অতি দুৰ্ভাগ্যজনক কথা। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত এটাৰ পিছত এটা প্ৰশ্ন কাকতৰ ফাদিল হোৱাৰ বিতৰ্ক চলি থকাৰ মাজতেই আজি বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডত বিসংগতি হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

আমি বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ কৰাত পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষই এতিয়া নিজৰ ভুল স্বীকাৰ কৰিছে। কিন্তু তাৰ আগলৈকে তেওঁলোকে সমগ্ৰ বিষয়টোক গাপ দি ৰাখিছিল। ভুল স্বীকাৰ কৰিলেই সব ঠিক হৈ নেযায়, এই ভুলৰ বাবে অদূৰ ভবিষ্যতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিসংগতিপূৰ্ণ এডমিট কাৰ্ডক লৈ যে সমস্যাৰ সন্মুখীন হ'ব লাগিব সেয়া নিশ্চিত।

এডমিট কাৰ্ডৰ বিসংগতিৰ বিষয়টো অভিভাৱক তথা ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গ সকলে সহজ ভাবে মানি ল'ব পৰা নাই। তেওঁলোকে এই বিসংগতি অতি সোনকালে আতৰাই ছাত্ৰ-ছাত্ৰীসকলক সকাঁহ দিবলৈ আহ্বান জনায় ।

আনহাতে এবছুৱেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে কয়, প্ৰশ্ন কাকত ফাদিল হোৱাৰ বিষয়টো লৈ বিতৰ্ক চলি থকাৰ সময়তে আজিৰ পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ডত বিসংগতি হোৱাৰ তথ্য পোহৰলৈ আহিছে। মুঠৰ ওপৰত সকলো ক্ষেত্ৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকল মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ আছে । এডমিট কাৰ্ডৰ বিসংগতিৰ সমগ্ৰ বিষয়টোৰ এটা উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গই ।