eknath shinde
eknath shinde 
অসম

অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, দৰ্শন কৰিব কামাখ্যা মন্দিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : শনিবাৰে অসম ভ্ৰমণৰ বাবে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। সিন্দেৰ সৈতে সহযোগী মন্ত্ৰী তথা বিধায়কসকলো অসমলৈ আহিব। উল্লেখ্য যে একনাথ সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ ভ্ৰমণলৈ আহিব।

অসমত উপস্থিত হৈ তেওঁ শক্তিপীঠ কামাখ্যা দৰ্শন কৰিব। সিন্দে বাহিনীক আদৰিবলৈ এতিয়া মহানগৰীৰ ঠায়ে ঠায়ে আঁৰিছে হৰ্ডিং। উল্লেখ্য যে, জুন মাহত মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ধুমুহাৰ সৃষ্টিৰে অসমলৈ আহিছিল একনাথ সিন্দে।

শনিবাৰে দুপৰীয়া গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'ব সিন্দে। সিন্দেক আদৰিবলৈ ইতিমধ্যে বিমান বন্দৰৰ চৌহদত উপস্থিত হৈছে তেওঁৰ সতীৰ্থ।