অসম

গোলাঘাটৰ মৌখোৱাত ঈদ পালন

Asomiya Pratidin

ডিজিটেল সংবাদ,গোলাঘাটঃ আজি ঈদ-উল-ফিটৰ । ত্যাগ,শান্তি,সম্প্ৰীতিৰ প্ৰতীক আজি পবিত্ৰ ঈদ । ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলাহেৰে উদযাপন কৰিছে হেঁপাহৰ ঈদ ।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মছজিদসমূহত পুৱাৰে পৰা ভিৰ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। সকলো একত্ৰিত হৈ পঢ়িছে নামাজ । গোলাঘাট জিলাৰ খুমটাইৰ সমীপৱৰ্তী মৌখোৱা মছজিদতো বিৰাজ কৰিছে সুন্দৰ পৰিবেশ।

পুৱাৰে পৰা সকলো ঈদকলৈ ব্যস্ত। কেইবাশতাধিক লোক মৌখোৱা মছজিদত সমবেত হৈ একেলগে নামাজ আদায় কৰি বিশ্ব শান্তি কামনা কৰে । শান্তি - ত্যাগৰ প্ৰতীক হিচাপে এই ঈদত প্ৰত্যেকেই কৰিছে বিভিন্ন প্ৰত্যাশা ৷