অসম

ভূগোলৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছাত্ৰৰ বিৰুদ্ধে গোচৰ শিক্ষা বিষয়াৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল বিষয়ৰ প্ৰশ্ন কাকত পৰীক্ষাৰ আগতে পৰীক্ষাৰ্থীৰ হাতত পৰাৰ বিষয়টোৰ সন্দৰ্ভত নগাঁৱত গোচৰ ৰুজু। নগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে ঘটনাৰ সন্দৰ্ভত নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰে ৷

শিক্ষা বিষয়া মৃদুল কুমাৰ নাথে আৰক্ষীক দাখিল কৰা এজাহাৰত অভিযুক্ত কৰা হৈছে মাছুম আলি নামৰ এজন ছাত্ৰক ৷ মাছুম আলিয়ে ভূগোল বিষয়ৰ ভূৱা প্ৰশ্নকাকত এটি হোৱাটচ এপ গ্ৰুপ বনাই প্ৰচাৰ কৰিছিল ৷ ২২৫ টা ফোন নম্বৰ যোগ কৰি হোৱাটচ এপ গ্ৰুপটো খুলি মাছুদে ভূগোলৰ প্ৰশ্ন কাকত ভাইৰেল কৰাত ৰাজ্যজুৰি হাহাকাৰ লাগে ৷

শোণিত ৰঞ্জন হাজৰিকা নামৰ শিক্ষকজনৰ অভিযোগৰ ভিত্তিত প্ৰশ্ন কাকতৰ সন্দৰ্ভত আই এছ মৃদুল কুমাৰ নাথে তদন্ত আৰম্ভ কৰে ৷ চকলাঘাটৰ দুই ছাত্ৰীৰে বিষয়াজনে সোধ-পোচ কৰাৰ পিছত ভুৱা প্ৰশ্ন কাকতখন ভাইৰেল কৰা মাছুমৰে বিষয়াজনে যোগাযোগ স্থাপন কৰে ৷

উল্লেখ্য যে, মাছুম আলি নগাঁৱৰ উত্তৰণ একাডেমিত অধ্যয়নৰত আছিল ৷ মাছুম হ'ল ডৰ্চন স্কুল পৰীক্ষা কেন্দ্ৰৰ মেট্ৰিক পৰীক্ষাৰ্থী ৷ নগাঁও চহৰৰে বৰভেটি নামৰ স্থানৰ মাছুম আলিয়ে সংঘটিত কৰা এই ঘটনাৰ পিছত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ জানিব পৰা মতে ছাত্ৰজনে ৮৮২২০৩০২৭৩ নম্বৰৰ জৰিয়তে ভূগোলৰ ভুৱা প্ৰশ্ন কাকতৰ প্ৰথম পৃষ্ঠাটি ভাইৰেল কৰিছিল ৷ অৱশ্যে আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে ৷