অসম

ক’ভিড শংকা

asomiyapratidin

বিগত প্রায় দুটা বছৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ অন্তত জনসাধাৰণে জীৱন নিৰ্বাহৰ স্বাভাৱিক যাত্ৰা পথলৈ উভতি অহাৰ সম্যাতে পুনৰ কভিড সংক্ৰমণৰ পৰৱৰ্তী ঢৌ অহাৰ আশংকা কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ প্রকাশিত তথ্য অনুসৰি দেশত কভিড সংক্ৰমণৰ হাৰ ১ শতাংশৰো অধিক হৈছে আৰু প্রতিদিনে আক্রান্ত ৰোগীৰ সংখ্যাই ৩ হেজাৰৰ ঘৰ পাৰ কৰিছে।

বিগতে দুটা মাহৰ পিচত এই হাৰ সৰ্বাধিক হিচাপে বিবেচিত হৈছে। যোৱা ফেব্ৰুৱাৰী মাহত কভিড সংক্ৰমণৰ হাৰ আছিল ১.১১ শতাংশ। আনহাতে ক'ভিত মৃত্যু হোৱা ৰোগীৰ সংখ্যা দুদিন আগতে আছিল ২৬ গৰাকী। ইয়াৰে ২১ গৰাকীয়েই কেৰালাৰ।

কেৰালাৰ বাহিৰে ওড়িশাৰ দুজন আৰু কৰ্ণাটক, উত্তৰ প্রদেশ, পশ্চিমবংগৰ এজনকৈ ৰোগী যোৱা ২ মেত মৃত্যুমুখত পৰিছে। ইতিমধ্যে সামগ্রিক পৰিস্থিতৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রই কভিডৰ বিৰুদ্ধে প্রতিশোধমূলক ব্যৱস্থা হাতত লৈছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে অলপতে বিভিন্ন ৰাজ্যলৈ নির্দেশ প্রেৰণ কৰিছে, যাতে কভিড প্ৰতিৰোধ সংক্রান্তীয় পূর্বৰ ব্যৱস্থাৱলীৰ ধাৰাবাহিকতা ৰক্ষা হয়।

অর্থাৎ কঠিন বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্য চৰকাৰে যিবোৰ আন্তঃগাঁথনিমূলক ব্যৱস্থা লৈছিল, সেইবোৰ প্রত্যাহাৰ কৰিব নালাগে। প্রধানমন্ত্রী নৰেন্দ্র মোডীয়েও কিছুদিন আগতে মুখ্যমন্ত্ৰীসকলৰ সৈতে ক'ভিড সংক্রান্তীয় বিষয়ক লৈ মত বিনিময় কৰিছিল। গতিকে কভিডৰ পৰৱর্তী ঢৌ আহিলে তাৰ সৈতে মোকাবিলা কৰাৰ জোখাৰে সকলোধৰণৰ ব্যৱস্থা সাজু কৰি ৰাখিব লাগিব।

এই কথা অনস্বীকার্য যে ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত প্ৰতিষেধক মুখ্য ভূমিকা পালন কৰিছে। সেই অনুসৰি বিভিন্ন বয়সৰ লোকক ক'ভিড প্রতিষেধক প্ৰদান কৰাৰ বিষয়টোক চৰকাৰে অগ্ৰাধিকাৰ দিয়া উচিত। বয়সস্থ লোকসকলৰ লগতে শিশুসকলকো কভিড প্রতিষেধক দিয়াৰ প্ৰক্ৰিয়াটো চৰকাৰে ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিব লাগিব।

পৰৱর্তী ঢৌ আহক বা নাহক, দেশবাসীৰ দেহত প্ৰতিৰোধমূলক ব্যৱস্থা সক্ৰিয় হৈ থকাৰ প্ৰয়োজন সর্বাধিক। ইফালে সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল নাগেশ্বৰা ৰাওৰ দ্বাৰা গঠিত এখন যণ্ড বিচাৰপীঠে অলপতে দিয়া ৰায়যোগে কোৱা হয় যে কভিড প্রতিষেধক দিয়াৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কোনো ব্যক্তিৰ ওপৰত জোৰ-জুলুম কৰিব নোৱাৰিব।

দৰাচলতে শিশুৰ প্রতিষেধকক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু হোৱা এটা গোচৰৰ পৰিপ্ৰেক্ষিতত শুনানি হৈছিল। কথাটো হ'ল- আমাৰ চৰকাৰ তথা সংশ্লিষ্ট পক্ষই প্রতিষেধক দিয়াৰ ক্ষেত্ৰত যাৱতীয় বিধি-ব্যবস্থা অনুসৰিয়েই আগবাঢ়িব লাগিব। গতিকে জনসাধাৰণেও সামূহিক স্বাস্থ্যৰ প্ৰতি অহা তীব্র ভাবুকি আৰু কভিড সংক্রমণৰ ভয়াবহতাৰ দিশটোক সতর্কতাৰে বিবেচনা কৰিব লাগিব।

ক'ভিড মহামাৰীয়ে সমগ্র বিশ্বৰ লগতে আমাৰ দেশৰ অর্থনীতিক ইতিমধ্যে বিধ্বস্ত কৰিছে। জনজীৱন বিপর্যস্ত কৰি তুলিছে। এনে অৱস্থাত যদি ক'ভিডৰ পৰৱৰ্তী ঢৌৱে পুনৰ সংহাৰী ৰূপ লয়, তেন্তে তাৰ পৰিণতি ভয়াবহ হ'ব। ক'ডিডৰ ভয়াবহতা আৰু ল'ৰা-ছোৱালীৰ সংক্রান্তীয় আন এক গোচৰৰ শুনানিত অলপতে সর্বোচ্চ ন্যায়ালয়ৰে খণ্ড বিচাৰপীঠে অতি গুৰুত্বপূৰ্ণ অভিমত ব্যক্ত কৰিছিল।

ন্যায়ালয়ে কৈছিল যে বিগত সময়চোৱাত দেশৰ বহু লৰা-ছোৱালীয়ে কভিডৰ বাবেই স্কুল এৰিবলগীয়াত পৰিছে। এই ল'ৰা-ছোৱালীবোৰৰ ভিতৰত কাৰোবাৰ পিতৃ-মাতৃৰ কভিডত মৃত্যু হৈছে, কাৰোবাৰ অভিভাৱকে লকডাউনৰ ফলত কর্মসংস্থান হেৰুৱাইছে।

আর্থিক কাৰণতে বহুতে শিক্ষানুষ্ঠান ত্যাগ কৰিবলগীয়াত পৰিছে। ন্যায়াধীশ ৰাৱে তেওঁৰ পর্যবেক্ষণত এই কথাক লৈও খেদ প্ৰকাশ কৰিছে যে ক'ডিড পৰিস্থিতিৰ বাবে স্কুল এৰিবলগীয়া হোৱা ল'ৰা-ছোৱালীৰ সংখ্যাৰ শুদ্ধ হিচাপ এতিয়ালৈকে কোনেও দিব পৰা নাই। এইক্ষেত্রত নেচনেল কমিছন ফৰ প্রটেকচন অব্ চাইল্ড ৰাইটছ নামৰ সংস্থাটোৰ 'বাল স্বৰাজ প'ৰ্টেল'ৰ তথ্যৰ ওপৰতো প্রশ্ন উত্থাপন কৰিছিল সর্বোচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে।

গতিকে দেখা গৈছে যে ক'ভিঙৰ ক্ষয়-ক্ষতিৰ প্ৰকৃত হিচাপ এতিয়াও ভালদৰে হোৱা নাই। চৰকাৰে আর্থিক অনটনত ভুগি দিগ্বিদিক হেৰুৱাই পেলোৱাসকলৰ হতাশাৰ খবৰ নাপায়। কর্মসংস্থানহীন যুৱক-যুৱতীৰ মর্মবেদনাও উপলব্ধি কৰিব নোৱাৰে।

চৰকাৰে বিকাশৰ নামত দলং নিৰ্মাণ কৰিছে, অট্টালিকা বনাইছে, নতুন নতুন আঁচনি ঘোষণা কৰিছে। কেৱল ৰাজহুৱা ধনৰ অপচয়েৰে বিশ্বশুৰু হোৱাৰ সপোন দেখিছে। কিন্তু এই দুর্যোগৰ সৈতে মুখামুখি হোৱা সর্বসাধাৰণে কিদৰে জীবন-যাপন কৰিছে, তাৰ হিচাপ কোনেও কথা নাই। দেশৰ ৰাজহুৱা সম্পদ বেছি উন্নয়নৰ চমক দিয়া এই চৰকাৰৰ পৰা জনসাধাৰণে আশা কৰিব?