অসম

বামুণীত মাৰ্বলৰ দুৰ্গা প্ৰতিমাৰ প্ৰাণ প্রতিষ্ঠাৰ দ্বিতীয় বাৰ্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ , বঢ়মপুৰ : বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমন্বয়ৰথলী বঢ়মপুৰৰ বামুনীত মঙলবাৰে মাৰ্বলৰ দুৰ্গা প্ৰতিমাৰ প্ৰাণ প্রতিষ্ঠাৰ দ্বিতীয় বাৰ্ষিকী অনুষ্ঠানৰ সামৰণী পৰে ৷ বঢ়মপুৰৰ বামুণীস্থিত আঞ্চলিক সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত হোম যজ্ঞৰে সামৰণী পৰিল দুদিনীয়া কাৰ্য্যসূচী ।

সেই উপলক্ষে মন্দিৰৰ চাৰিওফালে বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীয় ভক্তসকলে আহি এক আধ্যাত্মিক পৰিৱেশৰ মাজত ধূপ-দ্বীপ নৈবদ্যৰে দেৱী মাৰ ওচৰত মংগল কামনাৰে সেৱা জনায় । পুৱা ৯ বজাৰে পৰা মন্দিৰ প্ৰাংগনত উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে সম্পন্ন হয় পূজা পাঠ, হোম যজ্ঞ আৰু পূৰ্ণাহুতি অনুষ্ঠান ।

আনফালে ঐতিহ্যাসিক বঢ়মপুৰৰ মাজমজিয়াত অৱস্থিত নৱনিৰ্মিত হনুমান মন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে ১৯ তম বাৰ্ষিক শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ অনুষ্ঠান । সেই উপলক্ষে আজি পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন , অঞ্চলৰ মহিলাসকলৰ দ্বাৰা জলযাত্ৰা , ৰামায়ণ পাঠ আৰু আৰতি অনুষ্ঠান অনুষ্ঠিত হয় ।

উল্লেখ্য যে , হনুমান জয়ন্তীৰ অন্তিম দিনা অৰ্থাৎ বৃহস্পতিবাৰে বিয়লি ১২ বজাৰ পৰা ১০৮ বাৰ হনুমান চালিছা পাঠ , যজ্ঞৰ পূৰ্ণাহুতি আৰু নিশালৈ স্থানীয় দিহানাম দলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।