অসম

ৰাইজৰ খেদাত থানাত সোমাল বিলাসী বাহনত অহা ছাগলী চোৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, দুমুনিচকী: বাইহাটা চাৰিআলিৰ আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত বিগত কেইবা দিন ধৰি ছাগলী চুৰি কাণ্ড সংঘটিত হৈ আহিছে। দেওবাৰে বিগত কেইবাদিন ধৰি অঞ্চলটোত সন্দেহজনক ভাবে ঘুৰি ফুৰা এএচ০১বিএচ-৬০৭৪ নম্বৰৰ বিলাসী চুইফ্ট বাহনখন প্ৰত্যক্ষ কৰি স্থানীয় লোকে গাড়ীখনলৈ খেদি যায়।

ৰাইজৰ খেদাত উপায়ন্তৰ হৈ চোৰ কেইটাই গণপ্ৰহাৰৰ পৰা বাচিবলৈ গাড়ীখন বাইহাটা চাৰিআলি আৰক্ষী থানাত সোমাই দিয়ে। পিছত স্থানীয় লোকে সন্দেহ কৰা ধৰণেই বিলাসী বাহন খনৰ পৰা ১০ টাকৈ চুৰি ছাগলী উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে স্থানীয় লোকে গাড়ীখনলৈ চোচা লোৱাৰ সময়তে এটা চোৰ পলাবলৈ সক্ষম হয় যদিও ২টা চোৰক আৰক্ষীয়ে আটক কৰি চুৰি কাৰ্য্যত ব্যৱহাৰ হোৱা বাহনখন জব্দ কৰে।

জানিব পৰা মতে এটা চোৰ ২টা লক্ষীমপুৰৰ নচিব আহমেদ আৰু আনটো ছয়গাওঁৰ ৰমজান আলী বুলি জানিব পৰা গৈছে। আনহাতে সোমবাৰে ক্ষুদ্ৰ পলহাৰ পৰা চুৰি হোৱা তিনিটা ছাগলীৰ গৰাকী আৰক্ষী থানাত উপস্থিত হৈ নিজৰ ছাগলী কেইটা চিনাক্ত কৰে।