অসম

ঘোৰ নিদ্ৰাত প্ৰশাসন : মাটি কঢ়িওৱা ডাম্পাৰে নষ্ট কৰিছে পকী পথ

Asomiya Pratidin

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱ‍াবাহীৰ এটা পথত চলিছে মাটি কঢ়িওৱা ডাম্পাৰৰ অত্যাচাৰ। সমগ্ৰ কুৰুৱাবাহী অঞ্চলৰ মূল পথ হিচাপে চিহ্নিত এই পথচোৱাক বৰ্তমান মাটি ভৰ্তি ডাম্পাৰ দৈনিক চলাচল হোৱাৰ বাবে পথচোৱাৰ ঠায়ে ঠায়ে ফাটি বহি যোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে।

গ্ৰামাঞ্চলৰ মাজেদি কুৰুৱাবাহী তিনিআলিৰ পৰা ৰজাবাৰী চাৰিআলি সংযোগী এই পথচোৱাই সমগ্ৰ কুৰুৱাবাহী অঞ্চলৰ জনসাধাৰণে শিক্ষানুষ্ঠান, স্বাস্থ্যকেন্দ্ৰ, বজাৰ আদিলৈ যাতায়ত কৰা প্ৰধান পথ। "এই পথচোৱাই আমাৰ মূল পথ, অনেক জীয়াতু ভোগাৰ পিছত নতুনকৈ আমি এই পথচোৱা লাভ কৰিছিলোঁ, এনেদৰে ডাম্পাৰ চলি থাকিলে পথচোৱা বেছিদিন নাথাকে।" এয়া এগৰাকী সচেতন নাগৰিকৰ অভিযোগ।

কুৰুৱাবাহী অঞ্চলৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া আবেদনৰ পাছত লোক নিৰ্মান বিভাগৰ দ্বাৰা কিছুদিন পূৰ্বে এই পথচোৱা নতুনকৈ নিৰ্মান কৰা হৈছিল যদিও একাংশ ডাম্পাৰৰ মালিকে কৃষি পথাৰসমূহৰ পৰা মাটি কঢ়িয়াবলৈ দৈনিক ব্যৱহাৰ কৰাত ঠায়ে ঠায়ে নষ্ট হৈ পৰিছে উক্ত পথচোৱা। ইফালে আঘোনমহীয়া ধান কটাৰ পিছত উদং হৈ পৰা কৃষি পথাৰসমূহৰ মাটি একাংশ মাটিৰ মালিকে এনেদৰে মাটি ব্যৱসায়ীসকলক জধে মধে বিক্ৰী কৰি দিয়াৰ সময়ত পথচোৱাৰ কথা অলপো চিন্তা নকৰাৰ অভিযোগো উত্থাপন কৰিছে একাংশ গাঁওবাসীয়ে।

উল্লেখযোগ্য এনেদৰে যদি দৈনিক অধিক ওজন কঢ়িওৱা ডাম্পাৰ চলাচলত বাধা দিব পৰা নাযায় তেতিয়া অনাগত বাৰিষাত ভীষণ যাতায়তী সমস্যাত ভুগিব কুৰুৱাবাহীৰ ৰাইজ। "ডাম্পাৰৰ চালকক আমি কথা ক'লে আমাৰ কথা নুশুনে, বিভাগীয় কৰ্তৃপক্ষও টোপনিত, গতিকে পথচোৱা কোনে বচাব" বুলিও বিভাগীয় কতৃপক্ষক প্ৰশ্ন কৰে।

ইফালে ডাম্পাৰ চালকৰ মইমতালিৰ বাবে যোৱা কিছু দিনত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিছে সাধাৰণ পথচাৰী। আনহাতে ডাম্পাৰ চালকৰ লগত সাধাৰণ পথচাৰীৰ সংঘাতো নিত্য নৈমিত্তিক ঘটনাৰ দৰেই হৈ পৰিছে অঞ্চলটোত।

উল্লেখযোগ্য যে, কুৰুৱাবাহী ৰাজগড়, মেৰকাণ, মধুপুৰ, কুৰুৱ‍াবাহী সত্ৰ আদিৰ গাঁৱৰক্ষী বাহিনীসমূহে এইক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব পাৰিলে হেতেন বুলিও আক্ষেপ প্ৰকাশ কৰিছে গাঁৱবাসীয়ে।