অসম

নিজৰ জন্মদিন কিছু ব্যতিক্ৰমীকৈ উদযাপন কৰিলে এগৰাকী চিকিৎসকে...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ ওপজা দিন বুলিলে সকলোৰে বিশেষ। বহুতে পশ্চিমীয়া সংস্কৃতি কেক কাটি, পাৰ্টি কৰি উদযাপন কৰে , তাৰ মাজতে এগৰাকী ব্যতিক্ৰমী চিন্তাৰ মানৱ দৰদী চিকিৎসকৰ সুদূৰপ্ৰসাৰী কৰ্মই মনত সুন্দৰ নিদৰ্শন আনিবলৈ সক্ষম হয়। তেনেগৰাকী মানৱদৰদী চিকিৎসক ৰঙিয়াৰ ডাঃ ৰামকৃষ্ণ পদ তালুকদাৰ।

উল্লেখ্য যে চিকিৎসক গৰাকীয়ে নিজৰ ওপজা দিনত ৰঙিয়াৰ কেইবাখনো অঞ্চলত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় । মধুকুছিৰ গোপাল থান প‌্ৰাংগনত নিজাববীয়াকৈ কেইবাগৰাকীও বয়োজ্যেষ্ঠ ব্যক্তি তথা ভকত বৈষ্ণৱক লৈ শৰীৰৰ সুস্থিৰতাৰ বাবে চিকিৎসা সেৱা প্ৰদান কৰে ।

এই চিকিৎসা শিবিৰত ১০০ ৰো অধিক ৰোগী তথা ভকতে অংশ লয় । ৰঙিয়াৰ স্থানীয় বাসিন্দা ডাঃ ৰামকৃষ্ণ পদ তালুকদাৰ কৰ্মসূত্ৰে গোৱালপাৰাৰ দৰংগিৰিৰ খাৰখুটা সামূহিক স্বাস্থ্য কেন্দ্ৰত মেডিকেল অফিচাৰ হিচাপে কৰ্মৰত ।

নিজৰ ওপজা দিনত মানৱীয় চিন্তাৰে অসমৰ জলবায়ু পৰিবেশিত সাধাৰণ মানৱক চিকিৎসা সেৱা কৰাই দায়িত্ব,তাৰ এক ফলশ্ৰুতিত এনেদৰে মানৱ সেৱা কৰিব পাই যথেষ্ট সুখী আৰু সৌভাগ্যৱান বুলি চিকিৎসকে গৰাকীয়ে জনায় ।