ড° বিবিঞ্চি কুমাৰ মেধিৰ স্মৃতি চাৰণ সভা
ড° বিবিঞ্চি কুমাৰ মেধিৰ স্মৃতি চাৰণ সভা 
অসম

বৰক'লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত ড° বিবিঞ্চি কুমাৰ মেধিৰ স্মৃতি চাৰণ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,বেবেজীয়া : অসমৰ বিশিষ্ট শিক্ষাবিদ সাহিত্যিক,কবি গীতিকাৰ তথা গুৱাহাটী নৃতত্ব বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক ড০ বিৰিঞ্চি কুমাৰ মেধিৰ মৃত্যুত অসমীয়া শিখ সম্প্রদায়ৰ প্রধান বসতিস্থান নগাঁও জিলাৰ বৰক'লা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। ড০ মেধিৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতে বৰক'লা কেন্দ্রীয় গুৰুদ্বাৰ প্রাঙ্গণত বৃহস্পতিবাৰে বৰক'লাৰ শিখ সম্প্রদায়ৰ বহুসংখ্যক লোক সমবেত হৈ তেওঁৰ বিদেহ আত্মৰ শান্তিৰ অর্থে ভগৱানৰ ওচৰত প্রার্থনা জনায় ।

উল্লেখযোগ্য যে প্রয়াত ড০ মেধিয়ে ১৯৯০ চনত The Assamese Sikh : Their Social Relations in a Rural context of Assent শীর্ষক গবেষণা গ্রন্থৰ জৰিয়তে সন্মানীয় ডক্তৰেট ডিগ্রী লাভ কৰিছিল। ইয়াৰ পূর্ব্বৰ পৰাই বৰক'লাৰ বিভিন্ন জনগোষ্ঠীৰ সৈতে সুপৰিচিত হৈ পৰা ড° মেধিয়ে বহুবাৰ বিভিন্ন উৎসব-পার্বনত বৰক'লালৈ অহা যোৱা কৰিছিল।

বিশেষকৈ অসমীয়া শিখ সম্প্রদায়ৰ বিভিন্ন আলোচনী,স্মৃতিগ্রন্থ আদিত শিক্ষাবিদগৰাকীৰ লিখনিয়ে সৌষ্ঠভ বৃদ্ধি কৰিছিল। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ১৯৮৩ চনত আত্মবলিদান দিয়া ছহিদ চন্দন সিঙৰ পৰিয়ালবৰ্গৰ লগতো প্রয়াত ড০ মেধিৰ সম্পর্ক আছিল অতি নিবিড়।

অসমীয়া শিখ সন্থা (অসম) আৰু বৰক'লা শিখ যুৱক সংঘৰ তৰফৰ পৰাও প্রয়াত ড° বিৰিঞ্চি মেধিৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে আজি স্মৃতি চাৰণ কৰা হয় ।