অসম

সৰুপথাৰত 'ঘৰুৱা শ্ৰমিক সপ্তাহ' আৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ চেন্টাৰ ফৰ ডেভলপমেন্টে নামৰ বে-চৰকাৰী সংস্থাটোৱে ১০ জুনৰ পৰা ১৬ জুনলৈ উক্ত সপ্তাহটো "ঘৰুৱা শ্ৰমিক সপ্তাহ হিচাপে পালন কৰি আহিছে। সেই অনুসৰি ১০ জুন শনিবাৰৰ পৰা সংস্থাটোৰ উদ্যোগত সৰুপথাৰৰ কুশল ভৱনত "ঘৰুৱা শ্ৰমিক সপ্তাহ আৰম্ভ কৰা হয়।

অনুষ্ঠানৰ আৰম্ভনিতে বন্তি প্ৰজ্জ্বলন কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰে চেন্টাৰ ফৰ ডেভলপমেন্টৰ ফিল্ট এনিমেটৰ ভিক্টৰীয়া চাংগাই।

সংস্থাটোৰ সমন্বয়ক জেচিন্তা খালখৌ উপস্থিত থাকি সংস্থাটোৰ বিষয়ে উপস্থিত ঘৰুৱা শ্ৰমিকসকলক অৱগত কৰে। অনুষ্ঠানটিত উপস্থিত থকা শ্ৰমিকসকলৰ অধিকাৰ, প্ৰাপ্য মজুৰী,ঘৰুৱা শ্ৰমিকসকলৰ ছুটি আদিৰ সন্দৰ্ভত অৱগত কৰে।

উল্লেখ্য যে, উক্ত অনুষ্ঠানটিত সৰুপথাৰ জিলা পৰিষদৰ সদস্য লেজিয়াছ তপ্ন, অতিথি হিচাপে আগনেছ খান উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত প্ৰায় অৰ্ধশতাধিক ঘৰুৱা শ্ৰমিক উপস্থিত থাকে।