অসম

ধন নিদিলে কোকৰাঝাৰ কাৰাগাৰত কাৰাবন্দীক সাক্ষাতৰ অনুমতি প্ৰদান নকৰে...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ধন আদায় নিদিলে কোকৰাঝাৰ কাৰাগাৰত কাৰাবন্দীক সাক্ষাতৰ অনুমতি প্ৰদান নকৰে কাৰাগাৰত থকা কৰ্মচাৰীয়ে । ৰাজ্যজুৰি বাল্য বিবাহকাৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ চালান দিয়াৰ পিছতেই বুধবাৰে এগৰাকী যুৱকে কাৰাবন্দীক সাক্ষাতৰ বাবে গৈ ধন আদায় দিবলগীয়া হয় ।

ধন আদায়ৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাত জিলা উপায়ুক্ত বৰ্ণালী ডেকাই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে । তদুপৰি বিষয়টো ঊৰ্ধতন কৰ্তৃপক্ষক জনোৱা হৈছে বুলি প্ৰকাশ জৰি জিলা উপায়ুক্ত বৰ্ণালী ডেকাই কয় যে তদন্তৰ বাবে ইতিমধ্যে অতিৰিক্ত জিলা উপায়ুক্ত কোকৰাঝাৰ কাৰাগাৰত উপস্থিত হৈছে ।

ইপিনে অভিযোগকাৰী ডি চক্ৰৱৰ্তীয়ে সদৰি কৰা মতে যাৱতীয় নিয়ম পালন কৰাৰ পিছতো ধন নিদিলে কাৰাবন্দীক সাক্ষাতৰ অনুমতি নিদিয়ে । বাল্য বিবাহৰ গোচৰত অভিযুক্তক সাক্ষাৎ কৰিবলৈ যাবতীয় নিয়ম পালন কৰাৰ পিছতো উপঢৌকন লোৱাত ক্ষোভ প্ৰকাশ কৰিছে অভিযোগকাৰীয় । ধন আদায় লোৱা বিষয়টোৰ সন্দৰ্ভত অসম চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অভিযোগকাৰী ডি চক্ৰৱৰ্তীয়ে।