অসম

মুছলপুৰত মুখ্যমন্ত্ৰী সাহাৰ্য পূজিৰ চেক বিতৰণ

Asomiya Pratidin

ডিজিটেল সংবাদ,বাক্সাঃ মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰৰ ওচৰত থকা বৰিমুখত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ চেক প্ৰদান কাৰ্যসূচী । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মই ।

তেওঁ চেক প্ৰদান কৰি এই চেক ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে আৰু ৰুগীয়া লোকক কিঞ্চিত সহায় কৰাৰ বাবে সাহাৰ্য হিচাপে দিয়া হৈছে বুলি মন্তব্য কৰে ৷ আনহাতে বৰ্তমানৰ চৰকাৰে দল চাই অনুদান দিয়া নাই, প্ৰকৃত হিতাধীকাৰীকহে সাহাৰ্য দিয়া হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি পূৰ্বৰ চৰকাৰে কেনেদৰে হিতাধিকাৰী বাচনি কৰিছিল সেই বিষয়ে জ্ঞাত নহয় বুলি কয় ৷

লগতে এই চেক প্ৰদান কাৰ্যসূচী চৰকাৰৰ ৫বছৰীয়া কাৰ্যকালত দি থকা হৈছে আৰু অনাগত দিনতো দিয়া হ'ব বুলি মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মই জানিবলৈ দিয়ে।