অসম

নুমলীগড় উ : মা: বিদ্যালয়ৰ ইক' আৰু য়ুথ ক্লাৱৰ উদ্যোগত ব্যক্তি স্বাস্থ্য আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আলোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' আৰু য়ুথ ক্লাৱৰ উদ্যোগত পৰিবেশ সংৰক্ষণ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। স্থানীয় তথা থলুৱা সম্পদসমূহ চিনাক্তকৰণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা, ছাত্ৰ-ছাত্ৰীসকলক উদ্যোগ,কৃষিভূমি পৰ্যবেক্ষণ কৰি উৎপাদন পদ্ধতি বৃদ্ধিৰ লগতে কেঁচা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

মঙলবাৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' আৰু য়ুথ ক্লাৱৰ উদ্যোগত ব্যক্তি স্বাস্থ্য আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক আলোচনাৰ আয়োজন কৰা হয়। স্বাস্থ্যকৰ্মী জাহানাৰা বেগমে ছাত্ৰ-ছাত্ৰীসকলক সুষম আহাৰ গ্ৰহণ কৰাৰ লগতে পৰিষ্কাৰ পৰিচন্নতা, নিয়মিত ব্যায়াম কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

ইয়াৰোপৰি সৃজনীমূলক মনোভাৱ গঢ়িবলৈ কলাজ প্ৰস্তুতিৰ আন এক কাযসূচী ৰূপায়ণ কৰা হয়। সমল ব্যক্তিহিচাপে উপস্থিত থাকে পূজাশ্ৰী তামূলী আৰু সঞ্জীৱ শৰ্মা। বিদ্যালয়ত অনুষ্ঠিত বিভিন্ন কাযসূচীৰ শুভ উদ্বোধন কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই আৰু অনুষ্ঠানৰ আঁত ধৰে মৌচুমী গগৈয়ে।