ডিব্ৰুগড়

ডিব্ৰুগড়ৰ বৰবৰুৱাত আটক দুই আই পি এল জুৱাৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড় : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এইবাৰ বৰবৰুৱা আৰক্ষীয়ে আটক কৰিলে দুই আই পি এল জুৱাৰী। আটকাধীন দুই জুৱাৰীক ইতিমধ্যই জে'লহাজোটলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

ধৃত আই পি এল জুৱাৰী কেইজন ক্ৰমে বৰবৰুৱা পূজা ফিল্ডৰ জয়নাল আলিৰ পুত্ৰ বাবলু আলি(৪১) আৰু বকুল মাজ গাঁৱৰ মহৰম শ্বেইখৰ পুত্ৰ আখতাৰ শ্বেইখ(৪৩)।