ডিব্ৰুগড়

দংৰপথাৰ গাঁৱত শংকৰদেৱ সংঘৰ কৰ্ম-কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ডিব্ৰুগড় : ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আন এক আজৱ ঘটনাৰ কথা পোহৰলৈ আহিছে। নিশ্চিত কোনো বিষয় নোহোৱাকৈ ডিব্ৰুগড়ৰ লাহোৱালৰ দঙ্গৰপথাৰ গাঁৱৰ এটি পৰিয়ালক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত মণিকাঞ্চন প্ৰাথমিক শাখাৰ বিষয়-ববীয়াই এঘৰীয়া কৰি ৰাখিছে।

দঙ্গৰপথাৰৰ নিৱাসী নগেন বৰুৱা নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। ন্যায়ালয়ত এটি মোকৰ্দমাৰ চলি থকা অপৰাধতেই নগেন বৰুৱাৰ পৰিয়ালটিক ২০১৯ চনৰ পৰা বৰ্তমানলৈকে মণিকাঞ্চন প্ৰাথমিক শাখাই এঘৰীয়া কৰি ৰাখিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

কেৱল এইয়াই নহয়; নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱাৰ নগেন বৰুৱাই বিবাহ উপলক্ষে নিজা ঘৰত আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত মাছ, মাংস দিয়াৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই পৰিয়ালটোক সামাজিক বৰ্জন কৰা বুলি পৰিয়ালৰ সদস্যসকলে অৱগত কৰিছে। সমান্তৰালকৈ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰা আন দুজন ভকতকো দণ্ড বিহিছে মণিকাঞ্চন প্ৰাথমিক শাখাই।

মহাপুৰুষ শঙ্কৰদেৱৰ যুগমীয়া নীতি আদৰ্শক জলাঞ্জলি দি নিজৰ মইমতালিৰে সমাজ নেতৃত্ব দিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনে নিকৃষ্ট কৰ্ম বিৰুদ্বে গাঁৱৰ যুৱকসকল গৰজি উঠিছে। ইফালে দুৰ্ভগীয়া পৰিয়ালটোক উদ্বাৰৰ বাবে গাঁৱৰ যুৱকসকল উপস্থিত হয়।

যুৱকসকলৰ আহ্বান- সমাজক ভাগ ভাগ কৰিব নোৱাৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘই। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শক মানি চলিব নোৱাৰা এই প্ৰাথমিক গোটক অতিশীঘ্ৰেই ভংগ কৰি দিবৰ বাবে ঊদ্ধতন কৰ্তৃপক্ষক আহ্বান জনাইছে।

শেহতীয়াকৈ যোৱা ৫ বছৰে প্ৰাথমিক শাখাৰ পৰা কোনো সদুত্তৰ নোপোৱা নগেন বৰুৱা নামৰ ব্যক্তিজনে ইয়াৰ এক উচিত ন্যায় বিচাৰি ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিবলৈ দিয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মণিকাঞ্চন প্ৰাথমিক শাখাৰ এনে কৰ্ম কাণ্ডই এতিয়াৰ ডিব্ৰুগড়ত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।