ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৭ ছাত্ৰক জেৰা: অধ্যক্ষকো তলব...
ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৭ ছাত্ৰক জেৰা: অধ্যক্ষকো তলব... 
ডিব্ৰুগড়

ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৭ ছাত্ৰক জেৰা: অধ্যক্ষকো তলব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল গোচৰৰ তদন্তৰ মাজতে ডিব্ৰুগড়়ৰ পৰা ৭ জন শিক্ষাৰ্থীক আটক কৰা হৈছে। আটক কৰা আটাইকেইজন শিক্ষাৰ্থীয়ে ছল্টব্ৰুক একাডেমীৰ।

তাৎপৰ্যপূৰ্ণ ভাৱে আটক হোৱা এই ৭ জন শিক্ষাৰ্থীৰেই ঘৰ ভিন ভিন জিলাত। ছাত্ৰ কেইজনক সোধ-পোছৰ অন্তত আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ পোৱা অনুসৰি আৰু বহু লোক এই প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ সৈতে জড়িত আছে। সেই সকল লোকৰ বিৰুদ্ধেও অব্যাহত আছে অভিযান।

ইফালে ছল্টব্ৰুক একাডেমীৰ ছাত্ৰ কেইজনৰ লগতে একাডেমীখনৰ অধ্যক্ষ নিলাঞ্জন বৰদলৈকো সোধা-পোছাৰ বাবে আৰক্ষীয়ে নিশাই তলব কৰিছিল। এই শিক্ষানুষ্ঠানখনৰ পৰা প্ৰায় প্ৰতিবছৰেই শিক্ষাৰ্থীয়ে স্থান লাভ কৰি আহিছে।

যাৰ বাবে ৰাজ্যৰ ভিতৰতে শিক্ষানুষ্ঠানখনৰ এক সুনাম আছে। পিছে প্ৰশ্ন কাকত ফাদিলৰ গোচৰৰ সন্দৰ্ভত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ জেৰা কৰাৰ বিষয়টোৱে এতিয়া বহু ৰহস্যৰো সৃষ্টি কৰিছে।

অৱশ্যে গোটেই ঘটনাৰ তদন্তৰ অন্ততহে সকলো ৰহস্য ফাদিল হ'ব ডিব্ৰুগড়ত এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াৰ নেতৃত্ব বহন কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই।