পানীতোলাৰ বৰ নামঘৰত আঁঠু ল'লে সৰ্বানন্দ সোণোৱালে
পানীতোলাৰ বৰ নামঘৰত আঁঠু ল'লে সৰ্বানন্দ সোণোৱালে 
ডিব্ৰুগড়

পানীতোলাৰ বৰ নামঘৰত আঁঠু ল'লে সৰ্বানন্দ সোণোৱালে

Asomiya Pratidin

ডিজিটেল সংবাদ,চাবুৱাঃ সোমবাৰে চাবুৱাস্থিত পানীতোলা বৰ নামঘৰত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। নিৰ্বাচনৰ পূৰ্বে নামঘৰত ভকত-বৈষ্ণৱৰ উপস্থিতিত নেদেখাজনৰ ওচৰত আঁঠু লয় সোণোৱালে।

এই সময়ছোৱাত তেওঁক সংগ দিয়ে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে কেবাগৰাকী দলীয় কৰ্মীয়ে। উল্লেখ্য যে, পূৰ্বতেও এই নামঘৰত আৰ্শীবাদ লৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।