অনিশ্চিত ভৱিষ্যত বিন্ধাকটা মুলুক গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ...
অনিশ্চিত ভৱিষ্যত বিন্ধাকটা মুলুক গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ... 
ডিব্ৰুগড়

অনিশ্চিত ভৱিষ্যত বিন্ধাকটা মুলুক গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বছৰৰ প্ৰথমটো বানৰ কবলত চাবুৱা। বিগত কেইবাদিনৰ পৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চাবুৱাত বানৰ সমান্তৰালভাৱে দেখা গৈছে গৰাখহনীয়াৰ তাণ্ডৱ। চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱৰ জিঅ’ বেগস্হলীত এতিয়া সৃষ্টি হৈছে প্ৰৱল গৰাখহনীয়া।

দধীয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মগাঁও বিন্ধাকটাত জি’অ বেগস্থলিত ব্ৰহ্মপুত্ৰ আৰু চিয়াং নদীৰ প্ৰৱল সুতৰ বাবে আৰম্ভ হৈছে খহনীয়া ।ইতিমধ্যেই এই প্ৰৱল গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগে যৎপৰোনাস্তি চেষ্টা কৰা পৰিলক্ষিত হৈছে।

অনিশ্চিত ভৱিষ্যতৰ সন্মুখত এতিয়া বিন্ধাকটা মুলুক গাঁৱৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল। বছৰৰ প্ৰথমটো বানপানীতেই যদি এইদৰেই খহনীয়া আৰম্ভ হয় তেন্তে আগন্তুক সময়তো এই খহনীয়াই কি ৰূপ লয় সেয়া লক্ষণীয় হ'ব।