ডিব্ৰুগড়

প্ৰথম অসমীয়া পাৰিপাৰ্শ্বিক কবিতা সংকলন প্ৰকাশৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, ডিব্ৰুগড়: জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, অ'জন স্তৰত ফাট, বনধ্বংস আদি পৰিঘটনাবোৰ সম্পৰ্কে জনচেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ বিশ্বত ইক'-পোয়েমছ বা পাৰিপাৰ্শ্বিক কবিতা শিৰোনামেৰে এক নতুন কাব্য ধাৰাৰ চৰ্চা আৰম্ভ হৈছে। যোৱা কেইবছৰমানৰপৰা অসমীয়া ভাষাতো কেইজনমান নিষ্ঠাৱান কবি-সমালোচকৰ উদ্যোগত পাৰিপাৰ্শ্বিক কবিতাৰ চৰ্চা হ'বলৈ ধৰিছে।

তাৰেই ফলস্বৰূপে অসমত পাৰিপাৰ্শ্বিক কবিতাৰ চৰ্চাত অগ্ৰণী ভূমিকা লোৱা কবি, লেখক, অনুবাদক প্ৰকল্প ৰঞ্জন ভাগৱতীৰ সম্পাদনাত ডিব্ৰুগড় গ্ৰন্থমেলাত 'অসমীয়া পাৰিপৰ্শ্বিক কবিতা' শীৰ্ষক সংকলনখনি প্ৰকাশ পাব। অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰিবলগীয়া সংকলনটোৰ আগকথা লিখিছে সমালোচক ড° আনন্দ বৰমুদৈয়ে।

হৰেকৃষ্ণ ডেকা, নীলিম কুমাৰ, অনুভৱ তুলসী, প্ৰণয় ফুকন, লুটফা হানুম চেলিমা বেগম, শ্বৰীফা খাতুন চৌধুৰী, কুশল দত্ত, কল্যাণ ভূঞাকে ধৰি অসমৰ ৬২ গৰাকী বিশিষ্ট কবিৰ শতাধিক পাৰিপাৰ্শ্বিক কবিতা সন্নিৱিষ্ট হোৱা এই সংকলনটোৱে অসমীয়া কবিতাই কেঁকুৰী এটা ঘূৰাৰ ইংগিত দিছে বুলি সমালোচক ড° বৰমুদৈয়ে আগকথাত ব্যক্ত কৰিছে। উল্লেখযোগ্য যে অসমীয়া ভাষাত এইখনেই হ'ব পাৰিপাৰ্শ্বিক কবিতাৰ প্ৰথমখন সংকলন।