ডিব্ৰুগড়

চাবুৱাৰ স্বাস্থ্যখণ্ডত ন-সংযোজন: স্বাস্থ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে এম্বুলেঞ্চ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চাবুৱা : চাবুৱাবাসীৰ বাবে সু-খবৰ। চাবুৱাৰ স্বাস্থ্যখণ্ডত ঘটিল এক ন-সংযোজন । অনতিপলমে চাবুৱাত স্থাপন হ'ব এখন এফ.আৰ.ইউ। চাবুৱাত উপস্থিত হৈ এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । উল্লেখ্য যে, মঙ্গলবাৰে এক দীঘলীয়া কাৰ্যসূচী লৈ চাবুৱাত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ।

তাৰে অংশ হিচাবে মন্ত্ৰীগৰাকীয়ে প্ৰথমে উপস্থিত হয় পানীতোলা খণ্ড প্ৰাথমিক চিকিৎসালয়ত। উক্ত কাৰ্যসূচীত লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ উপস্থিতিত পানীতোলা খণ্ড প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰীজনে প্ৰদান কৰে এম্বুলেঞ্চ। উল্লেখ্য যে, বিধায়ক পোনাকণ বৰুৱাৰ উদ্যোগত মেক্স চিমেণ্টৰ পৰা প্ৰদান কৰা হয় এই এম্বুলেঞ্চ।

আনহাতে ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ দ্বাৰা বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীসকলক চিকিৎসা সাহাৰ্য প্ৰদান কৰে। উক্ত অনুষ্ঠানতে কেশৱ মহন্তই কেইবাটাও গুৰুত্বপূৰ্ণ সিন্ধান্ত গ্ৰহণ কৰে । জানিব পৰা মতে, পানীতোলা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মেৰামতিকৰণ লগতে চিকিৎসালয়খনিত নতুনকৈ এটা প্ৰশাসনিক ভৱন নিৰ্মাণ কৰিবলৈ সিন্ধান্ত গ্ৰহণ কৰা হয়। লগতে এই সকলো কাম এই বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে সাংসদ প্ৰদান বৰুৱাই।