ডিব্ৰুগড়

হঠাৎ বৃদ্ধি কৰা হ'ল ডিব্ৰুগড় বিমানবন্দৰৰ নিৰাপত্তা, পঞ্জাৱৰ পৰা কোনো গুৰুতৰ অপৰাধীক কৰা হ'ব স্থানান্তৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : সমগ্ৰ পঞ্জাৱ প্ৰতিবাদত উত্তাল হৈ থকাৰ মাজতেই হঠাৎ বৃদ্ধি কৰা হ'ল ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ নিৰাপত্তা । পঞ্জাৱৰ পৰা বায়ু সেনা বিভাগৰ বিশেষ বিমানেৰে কেইবাজনো কাৰাবন্দীক ডিব্ৰুগড়লৈ স্থানান্তৰিত কৰা হ'ব বাবেই নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে ।

আনহাতে, এক বিশেষ সুত্ৰ অনুসৰি এই কাৰাবন্দী কেইজন খালিস্তানৰ সমৰ্থক থকা ৱাৰিছ দে' পাঞ্জাৱৰ শীৰ্ষস্থানীয় নেতা । সন্দেহ কৰা হৈছে এই সকল কাৰাবন্দীৰ মাজতেই আছে ৱাৰিছ দে' পাঞ্জাৱৰ মুৰব্বী অমৃতপাল সিং । এতিয়া প্ৰশ্ন হয় যদি সচাকৈয়ে এইয়া অমৃতপাল সিঙেই হয় তেন্তে পাঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙ বৰ্তমানো পলাতক বুলি কিয় মন্তব্য প্ৰদান কৰিলে ।

এনে গোপনীয়তা ৰক্ষা কৰাৰ অন্তৰালত কোনো আশংকা নেকি ? আনহাতে, অমৃতপাল সিঙক গোপনে অসমলৈ স্থানান্তৰ কৰিলে পৰৱৰ্তী সময়ত অসমৰো সামগ্ৰিক পৰিৱেশ অস্থিৰ হৈ উঠিব পাৰে নেকি খালিস্তানৰ সমৰ্থকৰ বাবে ?