BVFCL ৰ মুখ্য প্ৰৱেশ দ্বাৰত  কৃষক মুক্তিৰ  প্ৰতিবাদঃ প্ৰধানমন্ত্ৰীক হেঁচা দিয়াৰ আহ্বান...
BVFCL ৰ মুখ্য প্ৰৱেশ দ্বাৰত  কৃষক মুক্তিৰ  প্ৰতিবাদঃ প্ৰধানমন্ত্ৰীক হেঁচা দিয়াৰ আহ্বান... 
ডিব্ৰুগড়

BVFCL ৰ মুখ্য প্ৰৱেশ দ্বাৰত  কৃষক মুক্তিৰ  প্ৰতিবাদঃ প্ৰধানমন্ত্ৰীক হেঁচা দিয়াৰ আহ্বান...

Asomiya Pratidin

ডিজিটেল সংবাদ নামৰূপঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰত শ শ কৃষকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কঁপাই তোলে নামৰূপৰ আকাশ বতাহ। এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অংশগ্ৰহণ কৰে। 

জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আহি সমবেত হোৱা কৃষক ৰাইজ, বি ভি এফ চি এলৰ তিনিখন ইউনিয়ন, চি পি আইএমৰ বিষয়ববীয়া স্থানীয় ৰাইজ উপস্থিত থকা প্ৰতিবাদথলীত বিধায়ক অখিল গগৈয়ে স্পষ্ট কৈ কয় যে, নামৰূপ সাৰ কাৰখনৰ  ভৱিষ্যত বৰ সুষম নহয়।   

তেওঁ কয় যে, অপ্ৰিয় সত্যটো হ'ল  ২০২২ বৰ্ষৰ ১২ আগষ্টত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত গ্রুপ অব্ অফিচাৰ্ছৰ বৈঠকতে ব্ৰহ্মপুত্ৰ ভেলি ফার্টিলাইজাৰ কৰ্প'ৰেশ্যন লিমিটেড বন্ধ কৰাৰ বাবে পৰামর্শ দিয়া হয়। লগতে বিধায়ক গৰাকীয়ে  প্ৰশ্ন বোধক ভাবে কয় যে, এতিয়ালৈকে নিশ্চিত ভাবে বি ভি এফ চি মুখ্য বিষয়াগৰাকীলৈ ক্ল'জাৰ ন'টিছো আহিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা ।  

লক্ষণীয় যে, প্ৰতিবাদথলীত উপস্থিত থকা ইউনিয়ন বিষয়ববীয়াসকলে অখিল গগৈৰ প্ৰতি সঁহাৰি জনাই তিনি বাৰকৈ ক্ল'জাৰ ন'টিছ অহা বুলি স্বীকাৰ কৰে। এনে সংকটৰ সময়ত বিধায়ক অখিল গগৈয়ে ৰাইজক কোনো ৰাজনৈতিক নেতা মন্ত্ৰী আশ্বাসন, সাৰ কাৰখানা বন্ধ নহয় আদি কথাত ভোল গৈ সময় নষ্ট নকৰিবলৈ আহ্বান জনায় কয় কোনো ৰাজনৈতিক নেতা, মন্ত্ৰী আশ্বাসন, সাৰ কাৰখানা বন্ধ নহয় আদি কথাত ভোল গৈ সময় নষ্ট নকৰিব। কেৱল দেশৰ প্ৰধান মন্ত্ৰীৰ সদ ইচ্ছাতহে সাৰ কাৰখানা জী উঠিব।  

সেয়ে এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মুখ্যমন্ত্ৰী একেলগ হৈ দেশৰ প্ৰধানমন্ত্ৰীক খাটনি ধৰিলেহে সুফল লাভ কৰাৰ সম্ভাৱনা আছে। অন্যথা সাৰ কাৰখানাৰ ভৱিষ্যত এন্ধাৰ বুলি স্পষ্টকৈ কয় অখিল গগৈয়ে। 

তেওঁ কয়, কেৱল সাৰ কাৰখানাৰ মুখ্য প্ৰবেশ দ্বাৰত বহি বছৰৰ পিছত বছৰ আন্দোলন কৰি থাকিলে অথবা দিল্লীৰ যন্ত্ৰৰমন্ত্ৰৰ গৈ আন্দোলন কৰিলেও  কোনো লাভ নহ'ব ।  সংসদ, বিধায়ক, অথবা কেন্দ্ৰীয় সাৰমন্ত্ৰীক  লগ ধৰি আবেদন নিবেদন কৰিলেও নিশ্চিত ভাবে কোনো ফল নধৰে বুলি সজোৰে কয় বিধায়ক অখিল গগৈয়ে। 

তেওঁ এই সংকটৰ সময়ত দল সংগঠন, সকলো ৰাজনৈতিক দল এক হবলৈ আহ্বান জনায়। উদ্যোগটোত ভাগ ভাগ হৈ থকা পাঁচ, ছয়খন কৈ ইউনিয়নকো এক হবলৈ আহ্বান জনাই কয় যে, সকলো এক হৈ অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ  সোনোৱালক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাবলৈ ৰাইজে বাধ্য কৰাব লাগিব। 

কেৱল প্ৰধান মন্ত্ৰীৰ নিৰ্দেশতহে সাৰ কাৰখানা জীয়াই থাকিব।এই ক্ষেত্ৰত এক উদাহৰণ দিবলৈ গৈ বিধায়ক গৰাকীয়ে কয় যে নামৰূপ সাৰ কাৰখানাৰ দৰে মৃত প্ৰায় আৰু বন্ধ হৈ থকা উদ্যোগ ক্ৰমে বাৰাউনি, সিন্দ্ৰী, তালছাৰ,  ৰামাকুণ্ডমক কেন্দ্ৰীয় চৰকাৰে  পুনৰুজীৱিকৰন কৰিলে । ক'ল ইণ্ডিয়া, এন টি পি চি, আই অ' চি এল, এফ চি আই এল,  আদি  চৰকাৰী লাভজনক উদ্যোগে চৰকাৰৰ নিৰ্দেশনা অনুযায়ী উক্ত বন্ধ হৈ থকা সাৰ উদ্যোগত বিনিয়োগ কৰি পুনৰুজীৱিকৰন কৰিলে ।  

কিন্তু সদ ইচ্ছা থকা হলে নামৰূপ সাৰ কাৰখানাকো উক্ত নমিনেশ্বন প্ৰক্ৰিয়াৰে জীয়াই তুলিব পাৰিলে হেতেন বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। শীঘ্ৰে সকলো দল সংগঠন ৰাজনৈতিক দল এক হৈ সাৰ কাৰখানা বিষয়টো জাতীয় সমস্যা হিচাপে প্ৰতিষ্ঠা কৰি  দিছ্পুৰৰ লগতে জিলাই জিলাই গণতান্ত্ৰিক আন্দোলনেৰে অসম কপোৱাৰ আহ্বান জনাই সকলো ৰাইজক  ।  

অন্যথা নামৰূপ সাৰ কাৰখানাও কাগজ কলৰ দৰে বন্ধ হৈ পৰিব বুলি বক্তব্যত উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ।